মুখ্যপৃষ্ঠা »খবৰ »অসম »অসমৰ গৌৰৱ গামোচাই পালে স্বীকৃতি, কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিলে GI টেগ

অসমৰ গৌৰৱ গামোচাই পালে স্বীকৃতি, কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিলে GI টেগ

অসম কৃষি বিশ্ববিদ্যালয়ে উত্থাপন কৰিছিল গামোচাক GI টেগ প্ৰদানৰ বিষয়টো। তাৰ পিছতে ৰাজ্য চৰকাৰে বিষয়টো আগবঢ়াই নিয়ে। আৰু অসমৰ স্বাভিমান, অসমৰ চিনাকি, অসমীয়াৰ আবেগ গামোচাই লাভ কৰিলে GI টেগ।

  • Share this:
অসম আৰু অসমীয়াৰ বাবে গৌৰৱৰ খবৰ। অসমীয়াৰ স্বাভিমান গামোচাই লাভ কৰিলে GI (Geographical Indication Tag)টেগ। এই ভাল খবৰটো টুইটযোগে সদৰি কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱেলে।

অসম কৃষি বিশ্ববিদ্যালয়ে উত্থাপন কৰিছিল গামোচাক GI টেগ প্ৰদানৰ বিষয়টো। তাৰ পিছতে ৰাজ্য চৰকাৰে বিষয়টো আগবঢ়াই নিয়ে। আৰু অসমৰ স্বাভিমান, অসমৰ চিনাকি, অসমীয়াৰ আবেগ গামোচাই লাভ কৰিলে GI টেগ।

GI টেগ কি?
GI টেগ (Geographical Indication Tag) হৈছে কোনো এবিধ সামগ্ৰীৰ ভৌগোলিক স্থানৰ আৰু সামগ্ৰীবিধৰ মূল স্থানৰ স্বীকৃতিৰ টেগ বা চিহ্ন। GI বা ভৌগোলিক সূচক হৈছে এক নিৰ্দিষ্ট ভৌগোলিক উৎপত্তি থকা আৰু সেই উৎপত্তিৰ বাবে তাৰ গুণমান আৰু সুনাম থকা সামগ্ৰীৰ বাবে ব্যৱহাৰ কৰা এক চিহ্ন বা টেগ।

GI টেগৰ লাভলাভ কি?
GI টেগ হৈছে সামগ্ৰীৰ আইনী সুৰক্ষা। ই আনৰ দ্বাৰা জি আই টেগযুক্ত সামগ্ৰীৰ অকৰ্তৃত্বশীল ব্যৱহাৰ ৰোধ কৰে। গ্ৰাহকক আকাংক্ষিত বৈশিষ্ট্যৰ মানসম্পন্ন সামগ্ৰী লাভ কৰাত সহায় কৰে আৰু প্ৰামাণ্যতাৰ নিশ্চয়তা লাভ কৰে। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত জি আই টেগ সামগ্ৰীৰ উৎপাদকসকলৰ চাহিদা বৃদ্ধি কৰি অৰ্থনৈতিক সমৃদ্ধিৰ প্ৰসাৰ ঘটায়। গামোচাই GI টেগ লাভ কৰাৰ লগে লগে গামোচাৰ ভেজালকৰণ প্ৰতিৰোধ কৰিব পৰা যাব।

ভাৰতত কোনে প্ৰদান কৰে GI টেগ?
ভাৰতত GI টেগ প্ৰদান কৰে ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰণালয়ৰ Geographical Indication Registry–এ। এই টেগে কোনো এবিধ সামগ্ৰীক এক সুকীয়া পৰিচয় প্ৰদান কৰে।

GI টেগ কেতিয়া আৰম্ভ হৈছিল?
জি আই টেগ হৈছে ভাৰতত ভৌগোলিক সূচক টেগৰ সংক্ষিপ্ত ৰূপ। ২০০৩ চনৰ ১৫ ছেপ্টেম্বৰৰ পৰা এই টেগ কাৰ্যকৰী হয়। দাৰ্জিলিং চাহ আছিল প্ৰথম ভাৰতীয় সামগ্ৰী যিয়ে জি আই টেগ লাভ কৰিছিল।

অসমৰ গামোচাই GI টেগ লাভ কৰাৰ পিছতে এতিয়া গৌৰৱবোধ কৰিছে প্ৰতিজন অসমীয়াই। দীৰ্ঘদিন ধৰি উত্থাপিত হৈ আহিছিল অসমৰ গামোচাৰ জি আই টেগৰ দাবী। আৰু সেই দাবীক সন্মান জনাই কেন্দ্ৰীয় চৰকাৰে অসমীয়া গামোচাক দিলে স্বীকৃতি। গামোচা যে কেৱল অসমীয়াৰ তাৰ স্বীকৃতি প্ৰদান কৰিলে কেন্দ্ৰীয় চৰকাৰে।

শেহতীয়া বাতৰি