• Home
  • »
  • News
  • »
  • assam
  • »
  • হাতী–মানুহৰ সংঘাত ৰোধৰ বাবে ব্যতিক্ৰমী পদক্ষেপ, নুমলীগড়ত নিৰ্মাণ হৈ আছে অসমৰ প্ৰথমটো বন্যহস্তীৰ গঁৰাল

হাতী–মানুহৰ সংঘাত ৰোধৰ বাবে ব্যতিক্ৰমী পদক্ষেপ, নুমলীগড়ত নিৰ্মাণ হৈ আছে অসমৰ প্ৰথমটো বন্যহস্তীৰ গঁৰাল

নুমলীগড় তথা গোলাঘাট জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী–মানুহৰ সংঘাতে। প্ৰত্যেক দিনাই ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী–মানুহৰ সংঘাত।

নুমলীগড় তথা গোলাঘাট জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী–মানুহৰ সংঘাতে। প্ৰত্যেক দিনাই ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী–মানুহৰ সংঘাত।

নুমলীগড় তথা গোলাঘাট জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী–মানুহৰ সংঘাতে। প্ৰত্যেক দিনাই ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী–মানুহৰ সংঘাত।

  • Share this:
নুমলীগড়ত  নিৰ্মাণ হৈ আছে অসমৰ প্ৰথমটো  বন্যহস্তীৰ গঁৰাল। হাতী–মানুহৰ সংঘাত ৰোধৰ বাবে গোলাঘাট জিলা DFOৰ এইবাৰ ব্যতিক্ৰমী প্ৰচেষ্টা। আতংক সৃষ্টি কৰা অকলশৰীয়া বন্যহস্তীক আবদ্ধ কৰি স্বভাৱ সলনিৰ কৰাৰ চেষ্টা। অসমত প্ৰথমবাৰৰ বাবে এই প্রদক্ষেপ গ্ৰহণ কৰা হৈছে।

নুমলীগড় তথা গোলাঘাট জিলাত ভয়াৱহ ৰূপ ধাৰণ কৰিছে হাতী–মানুহৰ সংঘাতে। প্ৰত্যেক দিনাই ভিন্ন প্ৰান্তত অব্যাহত আছে হাতী–মানুহৰ সংঘাত। এই সংঘাতৰ ফলত বহু পৰিয়ালে নিজ আপোনজনক হেৰুওৱাৰ বিপৰীতে বহু লোকে হেৰুৱাইছে প্ৰাণ, মৃত্যু বহুকেইটা বন্যহস্তীৰ।

এইবাৰ গোলাঘাট জিলা DFO সুশীল কুমাৰ ঠাকুৰীয়াই এই হাতী–মানুহৰ সংঘাত ৰোধৰ বাবে লৈছে বিশেষ প্রদক্ষেপ। নুমলীগড়ৰ কাষৰীয়া মুৰফুলনী খণ্ড বন কাৰ্যালয়ৰ অধীনৰ বিজুলী বনাঞ্চল মাজত নিৰ্মান চলি আছে এটা হাতী গঁৰালৰ। অসমত প্ৰথমবাৰৰ গোলাঘাট জিলাত দৈনিক উপদ্ৰৱ চলাই থকা কেইবাটাও হাতীক চিনাক্ত কৰি গঁৰালত সুমুৱাই বন্যহস্তী কেইটাক স্বভাৱ সলনি  কৰিবলৈ চলাইছে প্ৰচেষ্টা। কাৰণ কেইবাটাও অকলশৰীয়া হাতীয়ে ভিন্ন প্ৰান্তত দৈনিক চলাইছে ত্ৰাস। মানুহৰ ঘৰ–বাৰী ভাঙি চলাই গৈছে উপদ্ৰৱ। খাই অনিষ্ট কৰিছে খেতি পথাৰ। আক্ৰমণ কৰিছে বহু লোকক। যাৰ পৰিপ্ৰেক্ষিতত এইবাৰ এই কেইটা বন্যহস্তীক হস্তী বিশেষজ্ঞৰ লগত আলোচনা কৰি  স্বভাৱ সলনি কৰিবৰ বাবে চলাইছে এক প্ৰয়াস। DFO গৰাকীৰ এই প্রদক্ষেপক লৈ এতিয়া আশাবাদী সমগ্ৰ গোলাঘাট জিলাৰ ভুক্তভোগী সৰ্বসাধাৰণ লোকসকল। সকলোৰে আশা, কিছু পৰিমাণে হ’লেও হ্ৰাস হ’ব ভয়াৱহ ৰূপ লোৱা এই হাতী–মানুহৰ সংঘাত।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি