মুখ্যপৃষ্ঠা »খবৰ »অসম »ভাল খবৰ! এতিয়াৰে পৰা অসমৰ কৃষি শিক্ষাৰ্থীয়ে শিকিব পাৰিব স্পেনিছ, জাৰ্মান আৰু ফ্ৰান্স ভাষা

ভাল খবৰ! এতিয়াৰে পৰা অসমৰ কৃষি শিক্ষাৰ্থীয়ে শিকিব পাৰিব স্পেনিছ, জাৰ্মান আৰু ফ্ৰান্স ভাষা

উত্তৰ পূব ভাৰতৰ প্ৰথমটো অত্যাধুনিক ভাষা শিক্ষণ কেন্দ্ৰৰ অসম কৃষি বিশ্ববিদ্যালয়ত শুভাৰম্ভ।

উত্তৰ পূব ভাৰতৰ প্ৰথমটো অত্যাধুনিক ভাষা শিক্ষণ কেন্দ্ৰৰ অসম কৃষি বিশ্ববিদ্যালয়ত শুভাৰম্ভ।

  • Share this:
অত্যাধুনিক তথ্য প্ৰযুক্তিৰ জৰিয়তে অনলাইন ব্যৱস্থাৰে উত্তৰ পূব ভাৰতৰ প্ৰথমটো বিদেশী  ভাষা শিক্ষণ কেন্দ্ৰ অসমত আৰম্ভ কৰা হৈছে। অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যোগত ইয়াৰ অন্তৰ্গত মহাবিদ্যালয়সমূহত আৰম্ভ কৰিবলগীয়া এই কেন্দ্ৰটো শনিবাৰে আনুষ্ঠানিকভাৱে অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটস্থিত মূল চৌহদত শুভাৰম্ভ কৰে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান( কৃষি শিক্ষা) ড° আৰ চি আগৰৱালে। অসম কৃষি বিশ্ববিদ্যালয়ৰ যোৰহাটৰ মূল চৌহদৰ লগতে ইয়াৰ অন্তৰ্গত ৯খন মহাবিদ্যালয়ত পৰ্যায়ক্ৰমে এই কেন্দ্ৰটো আৰম্ভ কৰা হ’ব।

উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ তৎপৰতাত বিদেশত শিক্ষা গ্ৰহণৰ বাবে যোৱা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে যাতে ভাষাৰ সমস্যাত নপৰে তাৰ বাবে প্ৰথম পৰ্যায়ত এই কেন্দ্ৰটোত অনলাইন ব্যৱস্থাৰে ইংৰাজী ,স্পেনিছ, জাৰ্মান আৰু ফ্ৰান্স ভাষাৰ শিক্ষণ  আৰম্ভ কৰা হ’ব। অসম কৃষি বিশ্ববিদ্যালয়ৰ কেন্দ্ৰীয় গ্ৰন্থাগাৰৰ দ্বিতীয় মহলাত চীফ লাইব্ৰেৰিয়ান ড° চন্দন হাজৰিকাৰ সামগ্ৰিক  ব্যৱস্থাপনাত এই কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। বিশ্ব বেংকৰ অনুদানেৰে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় উচ্চ শিক্ষা প্ৰকল্প (নাহেপ)ৰ অধীনত নিৰ্মাণ  কৰা কেন্দ্ৰটোৰ শুভাৰম্ভণি অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্য, কৃষি বিজ্ঞান গুৰু ড° জয়ন্ত ডেকা, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠক, সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° ৰঞ্জিত কুমাৰ সাউদ, চীফ লাইব্ৰেৰিয়ান ড° চন্দন হাজৰিকা,পঞ্জীয়ক তপন গোহাঁইৰ লগতে কেইবাজনো বিভাগীয় মুৰব্বী, অধ্যাপক বিজ্ঞানী উপস্থিত থাকে।

ইয়াৰ লগতে ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ সঞ্চালক প্ৰধান (কৃষি শিক্ষা) গৰাকীয়ে  বিশ্ববিদ্যালয়ৰ নৱনিৰ্মিত স্নাতকোত্তৰ ছাত্ৰাবাসটো মুকলি কৰাৰ লগতে এটা অত্যাধুনিক ডিজিটেল ক্লাছৰূমৰো শুভ উদ্বোধন কৰে।

শেহতীয়া বাতৰি