உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • দুৰ্যোগৰ সময়ত জিলিকিছে যোৰহাটৰ কঙালী ভড়াল

    দুৰ্যোগৰ সময়ত জিলিকিছে যোৰহাটৰ কঙালী ভড়াল

    বৰ্তমান অসমৰ পৰিবেশ আৰু পৰিস্থিতিত কঙালী ভড়াল তথা অন্নম ব্ৰহ্মই গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনতাৰ বাবে আগবঢ়াই দিছে সহায়ৰ হাত।

    বৰ্তমান অসমৰ পৰিবেশ আৰু পৰিস্থিতিত কঙালী ভড়াল তথা অন্নম ব্ৰহ্মই গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনতাৰ বাবে আগবঢ়াই দিছে সহায়ৰ হাত।

    বৰ্তমান অসমৰ পৰিবেশ আৰু পৰিস্থিতিত কঙালী ভড়াল তথা অন্নম ব্ৰহ্মই গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনতাৰ বাবে আগবঢ়াই দিছে সহায়ৰ হাত।

    • Share this:
    কোৰোণা মহামাৰীৰ বাবে থৰক–বৰক হৈ পৰিছে ৰাজ্যৰ অৰ্থনীতি। দেশত অৱ্যাহত থকা লকডাউনৰ ফলত ঘৰতেই আৱদ্ধ হৈ থাকিবলগীয়া হৈছে জনতা। নিজ তথা পৰিয়ালৰ পেটৰ ভাতমুঠিৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে দৰিদ্ৰ জনতা। তেনে সময়তে আৰ্তজনৰ হাতত ধান অথবা ধন তুলি দি জিলিকিছে যোৰহাটৰ কঙালী ভড়াল।

    দেশৰ সংকটৰ সময়ত স্ব-গুণেৰে জিলিকিছে যোৰহাটৰ বাদুলীপুখুৰী পিড়াকটা গোহাঁই গাঁৱৰ এদল মহিলাই পৰিচালনা কৰা কঙালী ভড়াল নামৰ অনুষ্ঠানটো।  ২০০৫ চনতেই সুদূৰপ্ৰসাৰী লক্ষ্য লৈ উত্তৰ-পূব পীড়িত উন্নয়ন সমিতি চমুকৈ নীডছ নামৰ সেচ্ছাসেৱী অনুষ্ঠানটোৰ উদ্যোগত স্থাপন হৈছিল কঙালী ভড়াল।

    স্বাভাৱিকতে অসমীয়া লেখেৰে কাতি মাহত  অসমৰ অধিকাংশ কৃষকৰ ধানৰ ভড়াল উদং হৈ পৰে। সেই সময়ছোৱাত তেনে কৃষকক সহায় কৰাৰ লক্ষ্য লৈ ভুমিস্থ হৈছিল কঙালী ভড়াল আৰু ২০১৪ চনত অসম কৃষি বিশ্ববিদ্যালয়ে এই ভড়াল নকৈ নিৰ্মাণ কৰি নাম দিছিল অন্নম ব্ৰহ্ম।

    বৰ্তমান অসমৰ পৰিবেশ আৰু পৰিস্থিতিত কঙালী ভড়াল তথা অন্নম ব্ৰহ্মই গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনতাৰ বাবে আগবঢ়াই দিছে সহায়ৰ হাত। অঞ্চলটোৰ প্ৰায় ৫০ গৰাকী মহিলাৰ দ্বাৰা পৰিচালিত কঙালী ভড়ালৰ পৰা গাৱঁৰ দৰিদ্ৰ ৰাইজক প্ৰয়োজন অনুসৰি সহায় কৰিছে ধান–ধনেৰে। অকল সেয়াই নহয়, এই ভড়ালৰ নেতৃত্ব দিয়া নৱৰত্ন সমন্বয় সমিতিয়ে  কোৰোণাৰ বিভীষিকাৰ পৰা ৰক্ষা পাবলৈ গ্ৰামাঞ্চলৰ ৰাইজৰ হাতত নিজে তৈয়াৰ কৰি তুলি দিছে  মাস্ক।

    উল্লেখ্য যে যিটো সময়ত  দেশৰ পৰিস্থিতি নিয়ন্ত্ৰণ তথা জনতাৰ সুৰক্ষাৰ বাবে চৰকাৰে নানা পদক্ষেপ গ্ৰহণ কৰিবলগীয়া হৈছে, সেই সময়ত এইসকল মহিলাৰ এনে পদক্ষেপ কেৱল আদৰ্শনীয়ই নহয় অনুকৰণীয়ও। লগতে এনে জটিল ক্ষণত জৰুৰীকালীন সেৱাত নিয়োজিতসকলৰ দৰেই এইসকল মহিলাও একোগৰাকী প্ৰকৃত কোৰোনা যোদ্ধাৰ দৰে হৈ পৰিছে।
    First published: