• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটত আৰক্ষীৰ অভিযানত ফাদিল হ’ল চোৰৰ বৃহৎ নেটৱৰ্ক, চুৰি সোণৰ অলংকাৰৰ ব্যৱসায় কৰা সোণাৰী গ্ৰেপ্তাৰ

যোৰহাটত আৰক্ষীৰ অভিযানত ফাদিল হ’ল চোৰৰ বৃহৎ নেটৱৰ্ক, চুৰি সোণৰ অলংকাৰৰ ব্যৱসায় কৰা সোণাৰী গ্ৰেপ্তাৰ

যোৰহাটত বিগত কিছুদিনত দিন-দুপৰতে চুৰি কাণ্ড সংঘটিত কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহা শিৱসাগৰৰ অংকুৰ দাস নামৰ চোৰটোক যোৰহাট সদৰ আৰক্ষীয়ে কৰায়ত্ত কৰে।

যোৰহাটত বিগত কিছুদিনত দিন-দুপৰতে চুৰি কাণ্ড সংঘটিত কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহা শিৱসাগৰৰ অংকুৰ দাস নামৰ চোৰটোক যোৰহাট সদৰ আৰক্ষীয়ে কৰায়ত্ত কৰে।

যোৰহাটত বিগত কিছুদিনত দিন-দুপৰতে চুৰি কাণ্ড সংঘটিত কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহা শিৱসাগৰৰ অংকুৰ দাস নামৰ চোৰটোক যোৰহাট সদৰ আৰক্ষীয়ে কৰায়ত্ত কৰে।

  • Share this:
যোৰহাট নগৰ অঞ্চলত সঘনাই চুৰিকাণ্ডৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা এটা গভাইত চোৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে চোৰৰ এটা বৃহৎ নেটৱৰ্কৰ তথ্য ফাদিল কৰিছে যোৰহাট আৰক্ষীয়ে। এনে চুৰিকাণ্ডসমূহত চোৰে লক্ষ্য কৰি লয় সোণৰ অলংকাৰ আৰু নগদ ধন। এনেদৰে যোৰহাটৰ বিভিন্ন অঞ্চলৰ পৰা চুৰি কৰি নিয়া সোণৰ অলংকাৰৰ সৈতে জড়িত এক বৃহৎ চক্ৰ জালত পৰিছে যোৰহাট আৰক্ষীৰ। আৰক্ষীয়ে এই চক্ৰটোৰ পৰা উদ্ধাৰ কৰিছে বৃহৎ পৰিমাণৰ চুৰি হোৱা সোণৰ অলংকাৰ।

যোৰহাটত বিগত কিছুদিনত দিন-দুপৰতে চুৰি কাণ্ড সংঘটিত কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি অহা শিৱসাগৰৰ অংকুৰ দাস নামৰ চোৰটোক যোৰহাট সদৰ আৰক্ষীয়ে কৰায়ত্ত কৰে। ইয়াৰ পিছতে পোহৰলৈ আহে যোৰহাটত চলি থকা চুৰি সোণৰ অলংকাৰৰ ক’লা ব্যৱসায়ৰ বহু বিস্ফোৰক তথ্য। বাসগৃহসমূহৰ পৰা চুৰি হোৱা সোণৰ অলংকাৰসমূহ প্ৰথমে গলাই পেলোৱা হয়। প্ৰায়ে এনে অলংকাৰসমূহ গলাবলৈ দিয়া হৈছিল নগৰৰ জে বি ৰোডত সোণাৰী ব্যৱসায় কৰা অমুল পাৱাৰ নামৰ লোকজনক।

চুৰি কৰি নিয়া সোণৰ অলংকাৰসমূহ গলাই পেলাইছিল অমুল পাৱাৰে। এই গলোৱা সোণসমূহ ইয়াৰ পিছতে দিয়া হৈছিল ৰজামৈদাম নিউ কলনীৰ সঞ্জয় কৰ্মকাৰ আৰু দেৱব্ৰত শ্বাহা নামৰ দুগৰাকী ব্যক্তিক। আৰক্ষীয়ে ইতিমধ্যে দুয়োকে গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ ঘৰৰ পৰা জব্দ কৰিছে বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ আৰু গলোৱা সোণ। এই তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

এই বৃহৎ চুৰি চক্ৰৰ সৈতে আৰু অধিক লোক জড়িত থকাৰ সন্দেহ ব্যক্ত কৰিছে আৰক্ষীয়ে। এই সন্দৰ্ভত জেৰাৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
Published by:Sanjay Kumar Das
First published: