ভাল খবৰঃ উৎসৱৰ বতৰত হ্ৰাস পাইছে সোণ–ৰূপৰ মূল্য! অসমত কিমান হৈছে মূল্য?

অসমতো হ্ৰাস পাইছে সোণৰ মূল্য

News18-Assam
Updated:September 28, 2019, 2:20 PM IST
ভাল খবৰঃ উৎসৱৰ বতৰত হ্ৰাস পাইছে সোণ–ৰূপৰ মূল্য! অসমত কিমান হৈছে মূল্য?
Source-Google
News18-Assam
Updated: September 28, 2019, 2:20 PM IST
ভাৰতৰ এতিয়া আৰম্ভ হৈছে উৎসৱৰ বতৰ। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ এসপ্তাহ। এনে এক উৎসৱমুখৰ পৰিবেশৰ মাজতে হ্ৰাস পাইছে সোণ–ৰূপৰ মূল্য। শুকুৰবাৰে ৰাতি সোণৰ মূল্য হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। বিগত আঢ়ৈ মাহৰ ভিতৰত সোণৰ মূল্য সৰ্বাধিক হ্ৰাস পাইছে।

শুকুৰবাৰে সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ৩৭,৩৯৯ টকা হৈছেগৈ। এই দৰ হৈছে ১৩ আগষ্টৰ পিছত সৰ্বনিম্ন। অসমতো হ্ৰাস পাইছে সোণৰ মূল্য। শনিবাৰে প্ৰতি দহ গ্ৰাম সোণৰ মূল্য ৩৭,৬৪০ টকালৈ হ্ৰাস পাইছে। বিশেষজ্ঞৰ মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগৰ পিছত আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্যৰ কিছু পৰিৱৰ্তন দেখা গৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি