• Home
  • »
  • News
  • »
  • assam
  • »
  • Kamakhya : কামাখ্যাত আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি, 'সাধুবাবা'ৰ মোনাত ওলাল কাটাৰ

Kamakhya : কামাখ্যাত আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি, 'সাধুবাবা'ৰ মোনাত ওলাল কাটাৰ

এতিয়ালৈ ৫গৰাকী মহিলাকে ধৰি এজন বাবাৰ বেশত থকা পুৰুষক ধৰিছে নিৰাপত্তাৰক্ষীয়ে।

এতিয়ালৈ ৫গৰাকী মহিলাকে ধৰি এজন বাবাৰ বেশত থকা পুৰুষক ধৰিছে নিৰাপত্তাৰক্ষীয়ে।

এতিয়ালৈ ৫গৰাকী মহিলাকে ধৰি এজন বাবাৰ বেশত থকা পুৰুষক ধৰিছে নিৰাপত্তাৰক্ষীয়ে।

  • Share this:
কামাখ্যাত লাগিছে হাহাকাৰ। এগৰাকীৰ পিছত আনগৰাকীৰৰ ডিঙিৰ সোণৰ চেইন চুৰি হৈছে কামাখ্যাত। আধা ঘণ্টাৰ ভিতৰতে ৬গৰাকী মহিলাৰ চেইন চুৰি। চুৰি হৈছে মানীবেগ, টকাও। এনে পৰিপ্ৰেক্ষিতত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে (Gold chain stolen at kamakhya mandir)।

তথ্য অনুসৰি মহিলাৰ গেং এটাই এই চুৰিকাণ্ড সংঘটিত কৰি থকাৰ সন্দেহ কৰা হৈছে। এই আটাইকেইগৰাকী মহিলা বহিঃৰাজ্যৰ হোৱাৰ সন্দেহ। জানিব পৰা মতে, এখন সৰু কাটাৰেৰে খোজ কাঢ়ি থকা মহিলাৰ ডিঙিৰ পৰা কাটি নিছে চেইন (Thief in Ambubachi Mela)।

আনহাতে, অম্বুবাচী মেলাত দৈনিক চুৰিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল। কিন্তু আৰক্ষীয়ে এই দিশত অনুসন্ধান কৰি আজি ধৰা পেলায় ৫গৰাকী মহিলাক। আটাইকেইগৰাকী দাক্ষিণাত্যৰ বুলি জানিব পৰা গৈছে।

ইয়াৰ লগতে ভিক্ষাৰীৰ বেশত বহি থকা এজন পুৰুষৰ লগতো উদ্ধাৰ হৈছে কাটাৰ।  এতিয়ালৈ ৫গৰাকী মহিলাকে ধৰি এজন বাবাৰ বেশত থকা পুৰুষক ধৰিছে নিৰাপত্তাৰক্ষীয়ে।
Published by:Gautam Barman
First published: