যশু মিঞাৰ স্বীকাৰোক্তিৰ ভিত্তিতে মেঘালয় আৰক্ষীয়ে খবৰ দিয়াত অভিযান চলাই বৰপেটাৰ আৰক্ষীয়ে
যশু মিঞাৰ স্বীকাৰোক্তিৰ ভিত্তিতে মেঘালয় আৰক্ষীয়ে খবৰ দিয়াত অভিযান চলাই বৰপেটাৰ আৰক্ষীয়ে
বৰপেটাত চোৰাং সোণ ব্যৱসায়ী গ্ৰেপ্তাৰ ৷ ধৃত চোৰাং সোণ ব্যৱসায়ীজন ছাহজাহান আলী ৷
ধৃত ছাহজাহান আলীৰ ঘৰ বৰপেটাৰ গৰৈমাৰীৰ বাণিয়াৰাপাৰা গাঁৱত ৷ ম্যানমাৰৰ পৰা অহা চোৰাং সোণৰ ব্যৱসায়ত ছাহজাহান আলী জড়িত থকা বুলি জানিব পৰা গৈছে ৷
মেঘালয় আৰক্ষীৰ খবৰৰ ভিত্তিত অভিযান চলাই বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চোৰাং সোণ ব্যৱসায়ীজনক ৷ ধৃত ছাহজাহান আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ২৭ লাখ, ১১ হাজাৰ ৪৮০ টকা (Smuggling gold trader arrested in Barpeta)৷
ঘৰৰ বিভিন্ন স্থানত লুকুৱাই ৰখা অৱস্থাত উদ্ধাৰ হয় টকাসমূহ ৷ শুকুৰবাৰে মেঘালয় আৰক্ষীয়ে শ্বিলঙত গ্ৰেপ্তাৰ কৰিছিল যশু মিঞা নামৰ এটা চোৰাং সোণ ব্যৱসায়ীক ৷
যশু মিঞাৰ স্বীকাৰোক্তিৰ ভিত্তিতে মেঘালয় আৰক্ষীয়ে খবৰ দিয়াত অভিযান চলাই বৰপেটাৰ বাণিয়াৰাপাৰা গাঁৱৰ পৰা ছাহজাহান আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷
ইতিমধ্যে মেঘালয় আৰক্ষীৰ লোক বৰপেটা সদৰ থানাত উপস্থিত হৈছে ৷ মেঘালয়ৰ নংপো থানাত ৰুজু হোৱা ১২২/২২ নং গোচৰৰ অধীনত আজি মেঘালয় আৰক্ষীয়ে ধৃত ছাহজাহান আলীক নিজৰ জিম্মাত ল'ব ৷ এই ঘটনাক লৈ বৰপেটাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|