உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বন্যপ্ৰাণীক অগাধ ভাল পোৱা এগৰাকী নাৰী, কাজিৰঙাৰ বন্যপ্ৰাণীৰ নামত আগবঢ়ালে সাঁচতীয়া ১ লাখ টকা

    বন্যপ্ৰাণীক অগাধ ভাল পোৱা এগৰাকী নাৰী, কাজিৰঙাৰ বন্যপ্ৰাণীৰ নামত আগবঢ়ালে সাঁচতীয়া ১ লাখ টকা

    প্ৰকৃতিপ্ৰেমী ৰুমী দত্তৰ আহ্বান "বন্যপ্ৰাণী হত্যা নকৰিব৷ সিহঁতৰো আমাৰ দৰেই সন্তান আছে, এটা মন আছে৷ পাৰ্থক্য এটাই, আমি কথা ক’ব পাৰো, সিহঁতে নোৱাৰে৷’’

    • Share this:
    বন্যপ্ৰাণীক অগাধ ভাল পোৱা এগৰাকী নাৰী৷ বানত দিশহাৰা হোৱা বন্যপ্ৰাণীৰ বাবে প্ৰতিনিয়ত কান্দি উঠে তেওঁৰ অন্তৰে৷ প্ৰলয়ংকৰী বানত কি হ’ব বন্যপ্ৰাণীবোৰৰ – সেই কথা চিন্তা কৰি উদ্বিগ্ন হৈ পৰে তেওঁ। কটাইছে বহু উজাগৰী নিশাও৷ যাৰ বাবে তেওঁ সিদ্ধান্ত ল’লে বন্যপ্ৰাণীৰ বাবে কিবা এটা কৰাৰ।

    পাণবাৰীৰ CWRCত প্ৰতিপালিত হৈ থকা বন্যাৰ্ত বন্যপ্ৰাণীৰ বাবে ১ লাখ টকা আগবঢ়ালে এইগৰাকী মমতাময়ীয়ে। মহিলাগৰাকী গোলাঘাট গোলামপট্টিৰ ৰুমী দত্ত৷ আজি তেওঁ CWRCত উপস্থিত হৈ নগদ ১ লাখ টকা কেন্দ্ৰটোৰ বিষয়ববীয়াৰ হাতত প্ৰদান কৰে৷ প্ৰাক্তন জিলা ক্ৰীড়া বিয়ষা প্ৰয়াত নেত্ৰধৰ দত্তৰ পত্নীৰ এই বদান্যতাক কৃতজ্ঞতা জনালে CWRC কৰ্তৃপক্ষই৷

    প্ৰকৃতিপ্ৰেমী ৰুমী দত্তৰ আহ্বান "বন্যপ্ৰাণী হত্যা নকৰিব৷ সিহঁতৰো আমাৰ দৰেই সন্তান আছে, এটা মন আছে৷ পাৰ্থক্য এটাই, আমি কথা ক’ব পাৰো, সিহঁতে নোৱাৰে৷’’ উল্লেখযোগ্য যে ৰুমী দত্তই লকডাউনতো দৰিদ্ৰ লোকক প্ৰায় ২ লাখ টকাৰ সামগ্ৰী বিতৰণ কৰিছিল৷
    Published by:Sanjay Kumar Das
    First published: