News18-Assam Updated:June 14, 2019, 11:14 AM IST
বৃহস্পতিবাৰে এটা মবাইল চোৰক ৰাইজৰ উত্তম মধ্যম
বৃহস্পতিবাৰে এটা মবাইল চোৰক ৰাইজৰ উত্তম মধ্যম
গোলাঘাটত এতিয়া ক্ৰমাৎ বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস।জিলাখনৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এতিয়া প্ৰায়ে ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ পৰা চোৰে কাঢ়ি নিছে মবাইল ফোন।বৃহস্পতিবাৰে নিশাও এটা মবাইল চোৰক হাতে লোটে ধৰা পেলাই উত্তম মধ্যম দিয়ে স্থানীয় ৰাইজে। পিছত চোৰটোক চমজাই দিয়ে আৰক্ষীক। চোৰটোৰ নাম ৰাহুল দাস ওৰফে বিনোদ বুলি জানিব পৰা গৈছে। বহুদিন ধৰি চিকিৎসালয়খনত চুৰি কাৰ্য চলাই আহিছিল ৰাহুল দাস ওৰফে বিনোদে। পিছত আৰক্ষীৰ জেৰাত ৰাহুল দাসৰ লগত আৰু তিনিটা চোৰ জড়িত থকা বুলি উল্লেখ কৰিছে ধৃত চোৰটোৱে।