কবিতা লিখি ৰাষ্ট্ৰদ্ৰোহত অভিযুক্ত গোলাঘাটৰ ছাত্ৰী বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইক সম্পূৰ্ণ দোষমুক্ত কৰিলে আদালতে। ৪ মাহ কাৰাগাৰত কটোৱা বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোহাঁইক বৃহস্পতিবাৰে দোষমুক্ত বুলি ৰায়দান কৰে আদালতে (Barshashree Buragohain)।
গোলাঘাট সত্ৰ ন্যায়ালয়ত দিব্যজোতি মহন্তৰ বিশেষ আদালতে এই ৰায় দিয়ে। আদালতৰ ৰায়ত আনন্দিত হৈ পৰিছে বৰ্ষাশ্ৰীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকল।
উল্লেখ্য, আলফাৰ সমৰ্থনত ছ'চিয়েল মিডিয়াত এটা কবিতা প'ষ্ট কৰাৰ পিছতে গ্ৰেপ্তাৰ হৈছিল বৰ্ষাশ্ৰী নামৰ ছাত্ৰীগৰাকী। UAPA গোচৰত গোলাঘাটৰ উৰিয়ামঘাটৰ বান্ধৱীৰ ঘৰত ফুৰিবলৈ যোৱা অৱস্থাত ২০২২ চনৰ ১৮ মে'ত গোলাঘাটৰ সৰুপথাৰ আৰক্ষীয়ে আটক কৰিছিল বৰ্ষাশ্ৰীক।
ৰাষ্ট্ৰদোহৰ অভিযোগত বৰ্ষাশ্ৰীক জে'ললৈ প্ৰেৰণ কৰাৰ লগে লগে ৰাজ্যত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। উঠি অহা প্ৰতিভাক বলপূৰ্বক অৱদমন কৰোৱা বুলি সমালোচিত হৈছিল চৰকাৰ তথা আৰক্ষী প্ৰশাসন। আৰক্ষীৰ আকোৰগোঁজ ভূমিকাৰ বাবেই জামিনৰ প্ৰাকক্ষণত কাৰাগাৰৰ পৰাই দুটাকৈ পৰীক্ষাত বহিব লগীয়া হৈছিল বৰ্ষাশ্ৰী।
বৰ্ষাশ্ৰীৰ প্ৰতি যে অন্যায় কৰা হৈছিল সেই বিষয়ত সংবাদ মাধ্যমসমূহেও লৈছিল সবল ভূমিকা। অৱশেষত আদালতেও বিষয়টো চালিজাৰি চাই বৰ্ষাশ্ৰীক দোষমুক্ত ঘোষণা কৰে (court acquitted young poet Barshashree Buragohain)। আদালতৰ ৰায়ত সন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যৰ ভিন ভিন প্ৰান্তৰ লোকে।
Published by: Gautam Barman
FIRST PUBLISHED : March 16, 2023, 21:39 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।