• Home
  • »
  • News
  • »
  • assam
  • »
  • পাৰ্লাৰলৈ যোৱা আৰু ওলাই অহা ফটোৱে ভয় খুৱাব! 'ফেচিয়েল' কৰি গোলাঘাটৰ দন্ত চিকিৎসকৰ দশা...

পাৰ্লাৰলৈ যোৱা আৰু ওলাই অহা ফটোৱে ভয় খুৱাব! 'ফেচিয়েল' কৰি গোলাঘাটৰ দন্ত চিকিৎসকৰ দশা...

আপুনি বাৰু বিউটি পাৰ্লাৰলৈ যায় নেকি? যদি যায় তেন্তে অলপ সাৱধান হওক।

আপুনি বাৰু বিউটি পাৰ্লাৰলৈ যায় নেকি? যদি যায় তেন্তে অলপ সাৱধান হওক।

আপুনি বাৰু বিউটি পাৰ্লাৰলৈ যায় নেকি? যদি যায় তেন্তে অলপ সাৱধান হওক।

  • Share this:
আপুনি বাৰু বিউটি পাৰ্লাৰলৈ যায় নেকি? যদি যায় তেন্তে অলপ সাৱধান হওক। কাৰণ কেতিয়াবা পাৰ্লাৰৰ কৰ্মচাৰীৰ অনভিজ্ঞতা আৰু নিম্ন মানৰ যন্ত্ৰপাতিৰ বাবে আপোনাৰ মূখখন নিজেই চিনি নোপোৱা কৰি দিব। গোলাঘাটৰ কায়া বিউটী পাৰ্লাৰত এগৰাকী চিকিৎসকৰ হ'ল একে দশা।

চিকিৎসকগৰাকীৰ নাম ডা০ লিজা দেৱী। নিজৰ মূখখন অধিক সুন্দৰ কৰিবৰ বাবে মহিলাগৰাকীৰ বিউটী পাল্ৰালৈ গৈছিল যদিও  গোলাঘাট নগৰৰ তপন নগৰ চাৰিআলিত থকা কায়া বিউটী পাৰ্লাৰত সোমোৱাৰ পাছত মুখখনে ল'লে আচৰিত ৰূপ। ফেচিয়েল কৰাৰ পিছত সম্পূৰ্ণৰূপে জ্বলি যায় চিকিৎসকগৰাকীৰ মুখখন।

জানিব পৰা মতে,  ফেচিয়েল কৰি থকা অৱস্থাত WATER STEAMER ৰ উতলা পানী সমগ্ৰ মুখ মণ্ডলত পৰি যায় মহিলাগৰাকীৰ। ফলত জ্বলি যায় খন। Steamer টো উন্নত মানদণ্ড নোহোৱাৰ লগতে অনভিজ্ঞ কৰ্মচাৰীৰ অমনোযোগিতাৰ ফলত এই অসহনীয় ঘটনা সংঘটিত হ'ল।

ইফালে ঘৰত মহিলগৰাকীৰ ভনীয়েকৰ বিয়া। বৰ্তমান ডিব্ৰুগড়ত চিকিৎসা চলি থকা  ডা০ লিজা দেৱী কিছু সুস্থ হৈছে যদিও ৬ মাহৰ বাবে ঘৰতে থকাৰ পৰামৰ্শ দিছে চিকিৎসকে। ডা০ লিজা দেৱী গোলাঘাট চাৰিঙ্গিয়া চৰকাৰী চিকিৎসালয় চিকিৎসক। এতিয়া বুৰ্খা পিন্ধিয়েই চিকিৎসালয়লৈ যোৱাৰ সিদ্ধান্ত লৈছে চিকিৎসকগৰাকীয়ে। ইফালে ঘটনা সন্দৰ্ভত চিকিৎসক ডা০ লিজা দেৱীয়ে উপায়ুক্তক অৱগত কৰাৰ লগতে আদালতৰো কাষ চাপিব বুলি জানিবলৈ দিছে।
Published by:Himangshu Bhuyan
First published: