গোলাঘাট জিলাত উন্নত হোৱা নাই ক'ভিড পৰিস্থিতি ৷ সোমবাৰেও জিলাখনত ৰাজ্যৰ ভিতৰতে সৰ্বাধিক ২৬৮ জন লোক আক্ৰান্ত হয়। যাৰ বাবে গোলাঘাট জিলা প্ৰশাসনে জিলাখনত ১৩ আৰু ১৪ জুলাইত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে ৷
গোলাঘাটৰ উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই দিয়া নিৰ্দেশ অনুসৰি এই দুয়োটা দিনত স্বাস্থ্য সেৱা,গাখীৰ যোগানৰ বাহিৰে অন্যান্য সেৱাসমুহ সম্পূৰ্ণৰূপে বন্ধ থাকিব ৷ উল্লেখ্য যে বিগত ১০ দিনত গোলাঘাট জিলাত ২,৪৩০ জন লোক ক'ৰোনাত আক্ৰান্ত হয়। আনহাতে জিলাখনত ক'ৰোনাৰ দ্বিতীয় ঢৌত ১৪,৯৩৫ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ১৩৩ জনৰ মৃত্যু হয়। জিলাখনত শেহতীয়া কেইটামান দিনত ক'ৰোনাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ পৰিছে চিন্তাৰ বিষয়। সম্প্ৰতি জিলাখনৰ ১,৭৪৬ জন লোক চিকিৎসাধীন হৈ আছে।