মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ছচিয়েল মিডিয়াত YouTuberক অশ্লীল মন্তব্য কৰি বিপদত গোলাঘাটৰ যুৱক, আৰক্ষীৰ কাষ চাপিল YouTuber ৰাজীৱ দুৱৰী

ছচিয়েল মিডিয়াত YouTuberক অশ্লীল মন্তব্য কৰি বিপদত গোলাঘাটৰ যুৱক, আৰক্ষীৰ কাষ চাপিল YouTuber ৰাজীৱ দুৱৰী

News18 Assam | News18-Assam
Updated:October 10, 2021, 2:04 PM IST
ছচিয়েল মিডিয়াত YouTuberক অশ্লীল মন্তব্য কৰি বিপদত গোলাঘাটৰ যুৱক, আৰক্ষীৰ কাষ চাপিল YouTuber ৰাজীৱ দুৱৰী
খাদ্য সংক্ৰান্তীয় এটা ভিডিও নিজৰ চেনেলত আপলোড কৰিছিল YouTuber ৰাজীৱ দুৱৰীয়ে।

খাদ্য সংক্ৰান্তীয় এটা ভিডিও নিজৰ চেনেলত আপলোড কৰিছিল YouTuber ৰাজীৱ দুৱৰীয়ে।

  • Share this:
YouTuberক উদ্দেশ্যি অশ্লীল মন্তব্য কৰি বিপদত পৰিছে গোলাঘাটৰ এজন যুৱক।খাদ্য সংক্ৰান্তীয় এটা ভিডিও নিজৰ চেনেলত আপলোড কৰিছিল YouTuber ৰাজীৱ দুৱৰীয়ে। ভিডিওটোত ৰাজীৱৰ পত্নীয়ে অভিনয় কৰাকলৈ অশ্লীল মন্তব্য কৰিছিল গোলাঘাটৰ যুৱকজনে। কিন্তু কিয় যুৱকজনে ৰাজীৱ দুৱৰীৰ পত্নীক আক্ৰমণৰ লক্ষ্য কৰি ললে,সেয়া এতিয়াও স্পষ্ট নহয়।



উদিত ছেট্টী নামৰ যুৱকজনৰ বিৰুদ্ধে এতিয়া আৰক্ষীৰ কাষ চাপিছে YouTuber ৰাজীৱ দুৱৰী। এই সন্দৰ্ভত দুৱৰীয়ে কয় য়ে - 'মই মোৰ ফেচবুক চাইট আৰু ইউটিউৱত কিছুমান মনোৰঞ্জনধৰ্মী ভিডিও পোষ্ট কৰি থাকো। খাদ্য সংক্ৰান্তীয় এটা ব্লোগিং আৰম্ভ কৰিছিলো। আৰু নতুনকৈ ভিডিও পোষ্ট কৰিছিলো। ভিডিওটোত মোৰ পত্নীয়ে ৰন্ধা দেখুৱাইছিলো। তাত কোনোধৰণৰ অশ্লীলতা নাছিল। কিন্তু ভিডিওটো আপলোড কৰাৰ প্ৰায় ১২ ঘণ্টামানৰ পিছত তাত এনেদৰে অশ্লীল কমেণ্ট দিয়ে যুৱকজনে।কোনো কাৰণ নোহোৱাকৈ এনেদৰে মোৰ পত্নীক লক্ষ্য কৰি লোৱাত আচৰিত হৈছো। ইতিমধ্যে গোচৰ ৰুজু কৰিছো।'
Published by: Himangshu Bhuyan
First published: October 10, 2021, 2:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি