মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘কংগ্ৰেছ মোল্লাৰ দল, কাজিৰঙাত থকা নীলা লুঙি পিন্ধাসকলক খেদাৰ বাবে আমাক সমালোচনা কৰে ৰাইজৰ দলে’- গোলাঘাটত মন্ত্ৰী হিমন্তৰ উদাত্ত ভাষণ

‘কংগ্ৰেছ মোল্লাৰ দল, কাজিৰঙাত থকা নীলা লুঙি পিন্ধাসকলক খেদাৰ বাবে আমাক সমালোচনা কৰে ৰাইজৰ দলে’- গোলাঘাটত মন্ত্ৰী হিমন্তৰ উদাত্ত ভাষণ

News18 Assam | News18-Assam
Updated:January 9, 2021, 3:08 PM IST
‘কংগ্ৰেছ মোল্লাৰ দল, কাজিৰঙাত থকা নীলা লুঙি পিন্ধাসকলক খেদাৰ বাবে আমাক সমালোচনা কৰে ৰাইজৰ দলে’- গোলাঘাটত মন্ত্ৰী হিমন্তৰ উদাত্ত ভাষণ
শনিবাৰে গোলাঘাটত বিজেপিয়ে আয়োজন কৰে বৃহত্‍ যোগদান সমাৰোহৰ। সভাত প্ৰায় ১০ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে।

শনিবাৰে গোলাঘাটত বিজেপিয়ে আয়োজন কৰে বৃহত্‍ যোগদান সমাৰোহৰ। সভাত প্ৰায় ১০ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে।

  • Share this:
শনিবাৰে গোলাঘাটত বিজেপিয়ে আয়োজন কৰে বৃহত্‍ যোগদান সমাৰোহৰ। সভাত প্ৰায় ১০ হাজাৰ কংগ্ৰেছ কৰ্মীয়ে আনুষ্ঠানিক ভাবে বিজেপিত যোগদান কৰে। অজন্তা নেওগৰ বিজেপি গমনৰ পিছত প্ৰথমবাৰলৈ গোলাঘাটত বিজেপিয়ে আয়োজন কৰা সভাত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত্‍ দাসৰ লগতে নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই।

সভাত ভাষণ প্ৰসংগত অজন্তা নেওগৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰীগৰাকীয়ে কয় যে, ‘ গোলাঘাট সমষ্টিত বিজেপিৰ বিধায়ক চোৱাৰ ইচ্ছা বহুদিনৰে পৰা আছিল। অজন্তা বাইদেউৰ যোগদানৰ পিছত কেৱল গোলাঘাট সমষ্টিতে নহয় সমগ্ৰ গোলাঘাট জিলাতে বিজেপিৰ বিজয় নিশ্চিত হ’ল।  সুদীৰ্ঘ দিন ৰাজনীতিত থকাৰ পিছতো অজন্তা বাইদেউৰ গাত কোনো চেকা নাই।’

ইফালে কংগ্ৰেছ দলক মোল্লাৰ দল বুলি কটাক্ষ কৰি মন্ত্ৰী শৰ্মাই কয় যে, ‘কংগ্ৰেছে মোল্লাই বেয়া পোৱা কাম নকৰে। কংগ্ৰেছে ভাল পাই মিঞা কবিতা। গোপীনাথ বৰদলৈয়ে অসমত নেতৃত্ব দিয়া কংগ্ৰেছক এতিয়াৰ  নেতৃত্বই মোল্লাৰ দল বনালে।’

ইফালে নতুন দলক সমালোচনা কৰি মন্ত্ৰী হিমন্তই কয় যে, ‘ নতুন দলৰ নামবোৰ মই মুখস্থ কৰিব নোৱাৰো। কোনোবাই কয় ৰাইজৰ দল, কোনোবাই কয় আমাৰ দল, কোনোবাই কাৰোবাৰ দল। অজাপ, ৰাইজৰ দলে আজমলৰ ওচৰত মিতিৰালি নকৰো বুলি শপত খাওক। আজমলৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ সাহস নাই আছু- অজাপৰ। তেওঁলোকে প্ৰতিবাদ কৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্বৰ বিৰুদ্ধে। ৰাইজৰ দলে প্ৰতিবাদ কৰে আমাৰ বিৰুদ্ধে কাৰণ কাজিৰঙাত থকা নীলা লুঙি পিন্ধাবোৰক তাৰ পৰা খেদি দিলো, গঁড় হত্যা বন্ধ কৰালো।’
Published by: Himangshu Bhuyan
First published: January 9, 2021, 3:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি