এটা পানীৰ বটলৰ বাবে হৈছিল গোলাঘাটৰ ভয়ংকৰ দুৰ্ঘটনা! কেনেকৈ?

টাটা ছুম’খনে ডাম্পাৰৰ তেলৰ টেংকীত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত দপদপকৈ জ্বলি উঠিছিল ছুম’খন।

News18-Assam
Updated:September 27, 2019, 1:12 PM IST
এটা পানীৰ বটলৰ বাবে হৈছিল গোলাঘাটৰ ভয়ংকৰ দুৰ্ঘটনা! কেনেকৈ?
টাটা ছুম’খনে ডাম্পাৰৰ তেলৰ টেংকীত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত দপদপকৈ জ্বলি উঠিছিল ছুম’খন।
News18-Assam
Updated: September 27, 2019, 1:12 PM IST
এটা পানী বটলৰ বাবেই সংঘটিত হৈছিল গোলাঘাটৰ ভয়াৱহ পথ দুৰ্ঘটনা। আৰক্ষীৰ জেৰাত এই স্বীকাৰোক্তি দিছে ডাম্পাৰৰ চালক সমীৰ গড়ে। গোলাঘাট মৰঙিসাৰৰ গাঁৱত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনাৰ ডাম্পাৰৰ চালক সমীৰ গড়ক গ্ৰেপ্তাৰ কৰাৰ পিছত এই তথ্য পোহৰলৈ আহিছে।

গোলাঘাট আৰক্ষীয়ে জেৰা চলাই থকা ডাম্পাৰ চালক সমীৰ গড়ে কয় – চলন্ত অৱস্থাত এটা পানী বটল গাড়ীৰ ব্ৰেকৰ তলত সোমাই যোৱাৰ বাবেই সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনাটো। গোলাঘাট আৰক্ষীয়ে ধৃত সমীৰক লৈ চলোৱা অভিযানত ডাম্পাৰখনৰ পৰা উদ্ধাৰ কৰে এটা পানীৰ বটল। এই পানীৰ বটলটো ব্ৰেকৰ তলত সোমাই যোৱাৰ ফলতে গাড়ীখন ৰখাব পৰা নাছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই টাটা ছুম’খনত খুন্দা মাৰিছিল বুলি স্বীকাৰোক্তি দিছে চালকজনে।

টাটা ছুম’খনে ডাম্পাৰৰ তেলৰ টেংকীত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত দপদপকৈ জ্বলি উঠিছিল ছুম’খন। ফলত এই ঘটনাত তিনিজনে মৃত্যুবৰণ কৰাৰ লগতে অন্য তিনিজন আহত হৈ চিকিৎসাধীন হৈ আছে।

 

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি