ৰাজ্যত পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
ৰাজ্যত পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
ৰাজ্যত পুনৰ আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। গোলাঘাটত ডবা সংখ বজাই নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদী জনতাৰ। ৰাজপথলৈ ওলাই আহিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি কেইবাটাও জাতীয় দল সংগঠন।
গোলাঘাটৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ গণ হুংকাৰ কাৰ্যসূচী। গোলাঘাটত পুনৰ ধাৰাবাহিক ভাৱে আৰম্ভ হৈছে নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ কৰি শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদৰ প্ৰতিচ্ছবি কাষত লৈ প্ৰতিবাদত বহিল সংঘটনটোৰ নেতা-কৰ্মীসকল।
বিজেপি চৰকাৰ মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল লাজ নাই, বি জে পি চৰকাৰ গ'বেক, কা আমি নামানো আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল কৰি তোলে গোলাঘাটৰ আকাশ বতাহ। ইয়াৰ পিছতেই উপায়ুক্ত কাৰ্যালয়ৰ পৰা গোলাঘাট নগৰৰ মাজেৰে এক সমদল বাহিৰ কৰে ছাত্ৰ সন্থাৰ সদস্য সকলে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|