নাগৰিকত্ব সংশোধনী আইন বাতিল , পৰিবেশ প্ৰভাব নিৰূপণ আইন (EIA )২০২০ প্ৰত্যাহাৰ, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ আৰু বিদেশী নাগৰিকৰ সমস্যাৰ সমাধানৰ দাবীত গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদ। কিন্তু গোলাঘাট জিলা সন্থাৰ কাৰ্যালয়ৰ পৰা ওলোৱা জোৰ সমদলক বাধা দিয়ে আৰক্ষীয়ে।
ছাত্ৰ সন্থাৰ কেইবা শ প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ লৈ নিজা কাৰ্যালয়ৰ পৰা ৰাজপথলৈ ওলাই অহাৰ সময়তে আৰক্ষীৰ বাধাৰ সন্মুখীন হয় প্ৰতিবাদকাৰীসকল। পিছত পৰিস্থিতি অধিক জটিল হৈ পৰে।
আছুৰ কৰ্মী সকলে হাতে হাতে জোৰ লৈ নিজা কাৰ্যালয়ৰ দুখন খোলা চাঁদত উঠি বিজেপি চৰকাৰ গ'বেক, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ , কা আমি নামানো শ্লগানেৰে আকাশ বতাহ কঁপাই তোলে।
Published by: Himangshu Bhuyan
FIRST PUBLISHED : January 22, 2021, 23:17 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।