সোণাৰী সদৰ থানাত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত মৃত্যুবৰণ কৰা গকুল বসুমতাৰীৰ অন্ত্যেষ্টিক্ৰিয়া নিজ গাঁৱত সমাপন কৰা হৈছে।
আজি বসুমতাৰীৰ মৃতদেহ চামগুৰিস্থিত বাসগৃহলৈ অনাৰ পিছতে ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰে। শেষবাৰৰ বাবে আপোন মানুহজনক চাবলৈ মানুহে ভিৰ কৰিছিল গকুল বসুমতাৰীৰ বাসগৃহত।
হৃদয়বিদাৰক দৃশ্যৰ মাজতে আন এক দৃশ্যই সকলোৰে চকুত চকুপানী নিগৰায়। যিখন চোতালতে খেলা-ধূলা কৰি ডাঙৰ হৈছিল, যিখন চোতালত মাত্ৰ এবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল, সেই চোতালতে বসুমতাৰীৰ অন্তসত্ত্বা পত্নীৰ শিৰৰ সেন্দূৰ মচি দিয়া হয় মৃত স্বামীৰ আঙুলিৰে।
গকুল বসুমতাৰীৰ নিথৰ দেহ পৰি ৰোৱা সেই চোতালখন দুখ আৰু শোকত যেন স্তব্ধ হৈ পৰিছিল। ইয়াৰ পিছতে তেওঁৰ শেষ বিদায় জনাই মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।
উল্লেখ্য, কালি সোণাৰি থানাত সতীৰ্থ দীপক কাকতিৰ গুলীত নিহত হৈছিল বসুমতাৰী। কাকতিৰ ডিউটীৰ সময় শেষ হোৱাত তেওঁ কৰ্তব্যলৈ অহাৰ পিছতে কাকতিয়ে কৰা তিনি জাঁই গুলীচালনাত তেওঁ মৃত্যুমুখত পৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|