মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘মোৰ জীয়াই থাকিবলৈ খুব ইচ্ছা, হালৰ গৰু বিক্ৰী কৰিলো, মাটিও বন্ধকত দিলো’

‘মোৰ জীয়াই থাকিবলৈ খুব ইচ্ছা, হালৰ গৰু বিক্ৰী কৰিলো, মাটিও বন্ধকত দিলো’

News18 Assam | News18-Assam
Updated:September 22, 2020, 2:04 PM IST
‘মোৰ জীয়াই থাকিবলৈ খুব ইচ্ছা, হালৰ গৰু বিক্ৰী কৰিলো, মাটিও বন্ধকত দিলো’
গহপুৰ, কেটেলা, বিশ্বনাথত চিকিৎসা কৰি আৰোগ্য নোহোৱাত লকডাউনৰ কেইদিনমান পুৰ্বে লখিমপুৰত ভন বৰমুদৈৰ চিকিৎসা কৰা হৈছিল।

গহপুৰ, কেটেলা, বিশ্বনাথত চিকিৎসা কৰি আৰোগ্য নোহোৱাত লকডাউনৰ কেইদিনমান পুৰ্বে লখিমপুৰত ভন বৰমুদৈৰ চিকিৎসা কৰা হৈছিল।

  • News18 Assam
  • Last Updated: September 22, 2020, 2:04 PM IST
  • Share this:
এক জটিল ৰোগত আক্ৰান্ত হৈ উন্নত চিকিৎসাৰ অভাৱত যন্ত্ৰণাময় দিন পাৰ কৰিছে গহপুৰ কোঠাইচুকৰ ভন বৰমুদৈ নামৰ এগৰাকী মহিলাই। কোঠাইচুকৰ নিৱাসী তথা দৰিদ্ৰ কৃষক থুল বৰমুদৈৰ পত্নী ভনৰ এবছৰ পুৰ্বৰ পৰা আৰম্ভ হৈছিল অসহ্য পেটৰ বিষ।

গহপুৰ, কেটেলা, বিশ্বনাথত চিকিৎসা কৰি আৰোগ্য নোহোৱাত লকডাউনৰ কেইদিনমান পুৰ্বে লখিমপুৰত ভন বৰমুদৈৰ চিকিৎসা কৰা হৈছিল। লখিমপুৰত বিভিন্ন পৰীক্ষা কৰাৰ অন্তত চিকিৎসকে ভন বৰমুদৈক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ নিবলৈ পৰামৰ্শ দিয়ে।

সেই সময়ত লকডাউন আৰম্ভ হোৱাৰ বাবে বিভিন্ন পৰীক্ষা কৰাবলৈ ৭বাৰকৈ ব্যক্তিগত বাহন ভাড়া কৰি গুৱাহাটীলৈ অহা যোৱা কৰাৰ নামতেই পৰিয়ালটো গৰু-ছাগলী বিক্ৰী কৰাৰ লগতে মাটিও বন্ধকত দিবলগা হ'ল।

ভন বৰমুদৈৰ বৰ্তমানলৈকে চিনাক্ত নোহোৱা ৰোগবিধৰ অন্তিম পৰীক্ষা কৰিবলৈ গুৱাহাটীলৈ যাবলৈও বৰ্তমান সামৰ্থ নোহোৱা হৈ পৰিছে।

এইক্ষেত্ৰত দৰিদ্ৰ পৰিয়ালটোৱে অসমৰ স্বাস্থ্যমন্ত্ৰীৰ লগতে সদাশয় লোকক সহায়ৰ আহ্বান জনাইছে। দৰিদ্ৰ পৰিয়ালটোৰ যোগাযোগৰ নম্বৰ 6001918599।
Published by: Sanjay Kumar Das
First published: September 22, 2020, 2:04 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি