• Home
  • »
  • News
  • »
  • assam
  • »
  • শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত কোভিড মুক্ত বাতাবৰণে মৃৎ শিল্পীৰ লগতে মুখা শিল্পৰ লগত জড়িত লোকসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ...

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত কোভিড মুক্ত বাতাবৰণে মৃৎ শিল্পীৰ লগতে মুখা শিল্পৰ লগত জড়িত লোকসকললৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ...

গহপুৰৰ বৰাণীপথাৰত দুটাকৈ ৰাৱনৰ বিশাল প্ৰতিকৃতি তৈয়াৰ কৰি আছে মুখাশিল্পী বীৰেণ নাথৰ লগতে সহযোগী শিল্পীসকলে।

গহপুৰৰ বৰাণীপথাৰত দুটাকৈ ৰাৱনৰ বিশাল প্ৰতিকৃতি তৈয়াৰ কৰি আছে মুখাশিল্পী বীৰেণ নাথৰ লগতে সহযোগী শিল্পীসকলে।

গহপুৰৰ বৰাণীপথাৰত দুটাকৈ ৰাৱনৰ বিশাল প্ৰতিকৃতি তৈয়াৰ কৰি আছে মুখাশিল্পী বীৰেণ নাথৰ লগতে সহযোগী শিল্পীসকলে।

  • Share this:
এইবাৰৰ শাৰদীয় দুৰ্গোৎসৱে মৃৎ শিল্পীৰ লগতে আশাৰ বতৰা কঢ়িয়াই আনিছে মুখা শিল্পীসকললৈ। দুৰ্গোৎসৱৰ বিজয়া দশমীত ৰাৱন দাহনৰ বাবে ব্যৱহৃত ৰাৱনৰ প্ৰতিকৃতি নিৰ্মাণত ব্যস্ত হৈ আছে গহপুৰৰ মুখা শিল্পীসকল।

গহপুৰৰ বৰাণীপথাৰত দুটাকৈ ৰাৱনৰ বিশাল প্ৰতিকৃতি তৈয়াৰ কৰি আছে মুখাশিল্পী বীৰেণ নাথৰ লগতে সহযোগী শিল্পীসকলে।গহপুৰৰ গমিৰিঘাট মেইলবজাৰত প্ৰথম বাৰৰ বাবে আয়োজন কৰা দুৰ্গোৎসৱ আৰু দশেৰাৰ বাবে প্ৰায় এশফুট উচ্চতাৰ আৰু টেটোনবাৰীৰ দুৰ্গোৎসৱৰ বাবে প্ৰায় ৩০ফুট উচ্চতাৰ দশানন ৰাৱনৰ প্ৰতিকৃতি নিৰ্মাণৰ দ্বায়িত্ব লাভ কৰিছে গহপুৰৰ এইগৰাকী পৰিচিত তথা খ্যাতিসম্পন্ন মুখা শিল্পী বীৰেণ নাথে। দুৰ্গোৎসৱৰ ষষ্ঠীৰ আগতেই ৰাৱনৰ প্ৰতিকৃতি সম্পূৰ্ণ কৰাৰ নিমিত্তে মুখা শিল্পী বীৰেণ নাথ লগতে ১০গৰাকী সহযোগীয়ে বিগত ২৫দিন ধৰি কৰ্ম সম্পাদন কৰি আছে। বিগত দুটা বছৰে কভিডৰ সন্ত্ৰাসৰ ফলত প্ৰায় স্তব্ধ হৈ পৰা পৰিস্থিতিৰ পাছত কোভিড মুক্ত বাতাবৰণে মুখা শিল্পৰ লগত জড়িত শিল্পী সকললৈ যথেষ্ট আশাৰ বতৰা কঢ়িয়াই আনিছে।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি