১৯৯৭ চনতে নগৰ সমিতিৰ স্বীকৃতি লাভ কৰা আৰু শেহতীয়াকৈ পৌৰসভাৰ মৰ্যাদা অৰ্জন কৰা গহপুৰ নগৰৰ মাজ মজিয়াত অৱস্থিত ট্ৰেফিক পুলিচৰ ছিগনেল পইণ্টটো আজিকোপতি আওপুৰণি ব্যৱস্থাৰে চলি থকাৰ ফলত সঠিকভাৱে ট্ৰেফিক সংকেত লাভ কৰাৰ ক্ষেত্ৰত যান-বাহন চালকসকলে অসুবিধাৰ সন্মুখীন হৈ আহিছে। উল্লেখ্য যে নগৰখনৰ মাজ মজিয়াৰ অতি ব্যস্ততাপূৰ্ণ ৰে'ল ষ্টেচন পথৰ তিনিআলিত থকা ট্ৰেফিক পুলিচ ছিগনেল পইণ্টটোত পুৱাৰে পৰা নিশালৈকে চলাচল কৰি থকা যান-বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবৰ বাবে পইণ্টটোত অত্যাধুনিক ইলেক্ট্ৰনিক সংকেত ব্যৱস্থাৰ সংযোজন কৰাটো অপৰিহার্য হৈ পৰিছে যদিও এইক্ষেত্ৰত আজিকোপতি কাণসাৰ দিয়া নাই সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষই।
বৰ্তমানৰ অত্যাধুনিক কাৰিকৰী কৌশলৰ জয়যাত্ৰাৰ যুগত আশ্চৰ্যজনকভাৱে গহপুৰ নগৰৰ একমাত্ৰ ট্ৰেফিক ছিগনেল পইণ্টটো ট্ৰেফিক আৰক্ষীয়ে হাতৰ সংকেতৰ দ্বাৰাই চলাই থাকিব লগা হোৱাত নিশাৰ ভাগত যান-বাহনৰ চালকসকলে সঠিক সংকেত লাভ কৰাৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈ আহিছে। ফলত পথটোত সঘনাই যান-বাহনৰ দুৰ্ঘটনা হোৱা দেখা গৈছে। এইক্ষেত্রত প্ৰয়োজনীয় অত্যাধুনিক সা-সৰঞ্জামৰ অভাৱত নিৰুপায় হৈ পৰে কৰ্তব্যৰত ট্ৰেফিক আৰক্ষীসকল।
প্ৰণিধানযোগ্য যে প্ৰায় সকলো নগৰতে বৰ্তমান ট্ৰেফিক পুলিচৰ ছিগনেল পইণ্টত নিৰাপত্তাৰ দিশটোত গুৰুত্ব আৰোপ কৰি অত্যাধুনিক ডিজিটেল তথা ইলেক্ট্ৰনিক সংকেত প্ৰদান ব্যৱস্থাৰ সংযোজন কৰা হৈছে যদিও গহপুৰ নগৰত এইক্ষেত্ৰত সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষ চকু মুদা কুলিৰ ভাও ধৰি থকা পৰিলক্ষিত হৈছে। এইক্ষেত্রত অনতিপলমে গহপুৰ নগৰৰ একমাত্ৰ ট্ৰেফিক পুলিচৰ ছিগনেল পইণ্টটোক অত্যাধুনিক ৰূপ প্ৰদান কৰাৰ সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে সচেতন ৰাইজে সংশ্লিষ্ট চৰকাৰী কৰ্তৃপক্ষৰ ওচৰত পুনৰবাৰ দাবী জনাইছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|