গহপুৰত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ ঘটনা। গহপুৰ চত্ৰঙৰ নয়ন সৰকাৰ নামৰ যুৱকজনে গহপুৰ ব্ৰহ্মাজানৰ স্নাতক তৃতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰীক ভালপোৱাৰ সূত্ৰে পলুৱাই নি যুৱকজনৰ লগতে পৰিয়ালে অকথ্য মানসিক নিৰ্যাতন চলায়। যুৱতীগৰাকীৰ পৰিয়ালক ফাঁকি দি সাত মাহে সূৰ্যৰ পোহৰ নেদেখাকৈ এটা কোঠাত বন্দী কৰি ৰাখিলে যুৱতীকগৰাকীক।
যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, দৈনিক শ্বিলিপিং টেবলেট খাবলৈ বাধ্য কৰোৱা হয় তাইক। পেট্ৰ’ল ঢালি জ্বলাই দিয়াৰ লগতে মৃতদেহ চত্ৰং নদীত পেলাই দিয়াৰ ভাবুকি প্ৰদান কৰে পৰিয়ালৰ লোকে। যুৱতীগৰাকী দাস সম্প্ৰদায়ৰ হোৱাৰ বাবেই এনেধৰণে নয়ন সৰকাৰৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ কৰে যুৱতীগৰাকীয়ে।
অৱশেষত সাত মাহ এটা কোঠাত বন্দিত্বৰ জীৱন কটোৱাৰ পিছত মাতৃগৃহৰ লোকে উদ্ধাৰ কৰি যুৱতীগৰাকীক নিজ গৃহলৈ আনে। যুৱতীগৰাকীয়ে ফোনযোগে নয়ন সৰকাৰৰ কথা জানিব বিছাৰিলে যুৱকজনৰ বায়েকে দিয়ে ভাবুকি। ঘাঁহিগাঁও আৰক্ষী চকীত ভুক্ত ভোগী যুৱতীগৰাকীয়ে এজাহাৰ দাখিল কৰিছে স্বামী নয়ন সৰকাৰ, বায়েক আৰু শাহু-শহুৰৰ বিৰুদ্ধে। যুৱতী গৰাকীৰ পৰিয়ালে অভিযোগ কৰিছে নয়ন সৰকাৰৰ পৰিয়ালৰ টকাৰ জোৰ থকাৰ বাবেই হয়তো সাৰি যাব দোষী।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|