• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰোগীক সুবিধা কৰি দিয়াৰ নামত লয় ঘোচ! হাতে লুটে ধৰা পৰি এতিয়া দিনতে ‘আন্ধাৰ’ দেখিছে গহপুৰৰ জ্যোতিয়ে

ৰোগীক সুবিধা কৰি দিয়াৰ নামত লয় ঘোচ! হাতে লুটে ধৰা পৰি এতিয়া দিনতে ‘আন্ধাৰ’ দেখিছে গহপুৰৰ জ্যোতিয়ে

  • Share this:
সমগ্ৰ দেশত এতিয়া কোৰোণা ভাইৰাছৰ সংহাৰ। কোৰোণাৰ বিৰুদ্ধে যুঁজত দিন-ৰাতি একাকাৰ কৰিছে চিকিৎসক,স্বাস্থ্য কৰ্মীসকলে। এই জটিল সময়ত সকলোৱে পালন কৰি গৈছে কেৱল নিজৰ দায়িত্ব। কিন্তু তাৰ মাজতো দুই এজন আছে, যাৰ ডিউটীত নহয়, বেলেগতহে ধান্দা বেছি!

গহপুৰ অসামৰিক চিকিৎসালয়ত জ্যােতি দাস নামৰ এগৰাকী চৰ্তুথ বৰ্গৰ স্বাস্থ্য কৰ্মচাৰীয়ে  ৰোগীৰ পৰা চল চাতুৰিৰে সৰকাই আহিছে ১০০, ২০০ টকা। চিকিৎসালয়খনত ৰোগীক টিকট দিয়াৰ দায়িত্বত থকা জ্যােতি দাসে দীৰ্ঘদিন ধৰি ৰোগী সকলক আগতীয়াকৈ চিকিত্‍সাৰ ব্যৱস্থা কৰি দিয়াৰ নামত চলাই আহিছে এখন বেপাৰ।

শুকুৰবাৰে দিন বেয়া আছিল জ্যোতিৰ! স্থানীয় লোহিতমুখ অঞ্চলৰ স্বপ্না দলে নামৰ এগৰাকী গৰ্ভৱতী মহিলাক আল্ট্ৰা টাউণ্ড কৰোৱাৰ নামত জ্যোতিয়ে বিচাৰে ১০০ টকা। কিন্তু সেই দৃশ্য ধৰা পৰে গহপুৰ অনুসূচিত জাতি ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়াৰ সন্মুখত। ইয়াৰ পিছতে ওলাই পৰে উৰহী গছৰ ওৰ।

জ্যোতিয়ে প্ৰায় প্ৰতিদিনেই সুবিধা প্ৰদানৰ নামত ৰোগীৰ পৰা লৈ আহিছিল ঘোচ।কেইবাজনো ভুক্তভোগী ৰোগীয়ে এতিয়া অভিযোগ উত্থাপিত কৰিছে জ্যোতিৰ বিৰুদ্ধে। পিছত হাস্পতালখনত কিছু উত্তেজনাই বিৰাজ কৰাত উপস্থিত হয় সংবাদ মাধ্যমৰ লোক। আৰু অৱশেষত জ্যোতিয়ে স্বীকাৰ কৰে এনেদৰে ৰোগীৰ চিকিত্‍সাৰ নামত ঘোচ  লোৱাৰ কথা।

এতিয়া জ্যােতি দাসৰ বিৰুদ্ধে গহপুৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে  লক্ষণীয়  হ'ব।
Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি