‘অসম বিধানসভাত থকা ছাগলী চোৰৰ কথাত গুৰুত্ব দি লাভ নাই’

News18 Assam | News18-Assam
Updated:December 7, 2019, 6:55 PM IST
‘অসম বিধানসভাত থকা ছাগলী চোৰৰ কথাত গুৰুত্ব দি লাভ নাই’
নাম নোলোৱাকৈ মৃণাল শইকীয়াক ছাগলী চোৰ আখ্যা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

নাম নোলোৱাকৈ মৃণাল শইকীয়াক ছাগলী চোৰ আখ্যা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

  • Share this:
ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰ প্ৰতিবাদ অব্যাহত আছে।  অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ বিৰোধী স্বৰূপ কেবক লৈ অসমৰ সৰ্বস্তৰৰ জনসাধাৰণে কৰা প্ৰতিবাদক শুকুৰবাৰে চূড়ান্ত উপলুঙা আৰু তাচ্ছিল্য সূচক মন্তব্য কৰি চৌদিশে সমালোচনাৰ সন্মুখীন হৈছিল খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়া।

বিধানসভাৰ চৌহদত কেবৰ বিৰোধীতা কৰা সকলক উপলুঙা কৰা বিধায়ক মৃণাল শইকীয়াক এইবাৰ  নাম নোলোৱাকৈয়ে ছাগলী চোৰ আখ্যা দিছে মৰিয়নী সমষ্টিৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। শনিবাৰে দেৱব্ৰত শইকীয়াই সম্বোধন কৰা এখন সংবাদমেলত উপস্থিত থকা মৰিয়নীৰ বিধায়ক গৰাকীক সাংবাদিকে মৃণাল শইকীয়া আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ মন্তব্যক লৈ কি প্ৰতিক্ৰিয়া বুলি সোধাত ৰূপজ্যোতি কুৰ্মীয়ে ক'লে,

‘ছাগলী চোৰৰ কথাত গুৰুত্ব নাই ৷ মই নাম নকওঁ, কিন্তু বাতৰি কাকত আৰু ছচিয়েল মিডিয়াত পাইছো বিধানসভাত ছাগলী চোৰ থকা বুলি ৷’

পিয়ুষ হাজৰিকা সন্দৰ্ভতো মন্তব্য কৰিলে বিধায়ক কুৰ্মীয়ে

‘কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা মানুহে এতিয়া ৰাজ্যত চলাইছে ছিণ্ডিকেট ৷ কংগ্ৰেছত থাকোতে সেই একে মানুহেই চলাইছিল ছিণ্ডিকেট ৷’
First published: December 7, 2019, 2:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি