உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • North Guwahati: উত্তৰ গুৱাহাটীত ছাগলী চোৰৰ গেং, দিনতে উঠাই নিয়ে কুৰিৰ হিচাপত ছাগলী, গেঙৰ ওচৰত অসহায় অসম আৰক্ষী

    North Guwahati: উত্তৰ গুৱাহাটীত ছাগলী চোৰৰ গেং, দিনতে উঠাই নিয়ে কুৰিৰ হিচাপত ছাগলী, গেঙৰ ওচৰত অসহায় অসম আৰক্ষী

    আৰক্ষীৰ ভূমিকাও সন্দেহৰ আওতাত বুলি অভিযোগ ৰাইজৰ।  

    আৰক্ষীৰ ভূমিকাও সন্দেহৰ আওতাত বুলি অভিযোগ ৰাইজৰ।  

    আৰক্ষীৰ ভূমিকাও সন্দেহৰ আওতাত বুলি অভিযোগ ৰাইজৰ।  

    • Share this:
    দিনৰ পোহৰতে উত্তৰ গুৱাহাটীত বিগত চাৰি বছৰৰ পৰা পশুধন চুৰি চক্ৰই টিঘিল-ঘিলাই ঘূৰি ফুৰিছে। সংঘটিত কৰি আছে এটাৰ পিছত আনটো চুৰি কাণ্ড। অলপতে ৰজাদুৱাৰৰ এঘৰ লোকৰ দহটা গৰু দিনৰ পোহৰতে গাড়ীত উঠাই নিয়াৰ লগতে ১৮টা ছাগলী চুৰ কৰে । দৌল গোবিন্দ মন্দিৰৰ বাহিৰত থকা বহু ছাগলী এনে চোৰে জনতাৰ সমুখতে উঠাই নিছে।

    শেহতীয়াকৈ ২৮ মে'ত উত্তৰ গুৱাহাটী মধ্যমখণ্ডত এখন বাহন লৈ ছাগলী চুৰ কৰিবলৈ আহি ৰাইজৰ হাতত বন্দী হয় দুজন চোৰ। আন দুই চোৰে ছাগলী গাড়ীত উঠাই পলায়ন কৰে যদিও সহযোগী দুই চোৰক ৰাইজে আটক কৰে । গুৱাহাটী চান্দমাৰীৰ চুনু ৰাভা আৰু মহিবুৰ ৰহমান নামৰ ছাগলী চোৰ দুটাক আৰক্ষীৰ হাতত গতাই দিয়ে (Goat thief gang in North Guwahati)।

    কিন্তু  আৰক্ষীয়ে আজিকোপতি এজনো চোৰ ধৰিব নোৱাৰা কাৰ্যক লৈ আৰক্ষীৰ ওপৰত সন্দেহ উপজিছে ৰাইজৰ। ধৃত চোৰৰ ম'বাইলৰ সহায়ত চোৰৰ মাষ্টাৰ মাইণ্ডৰ স'তে ফোনত আৰক্ষীয়ে কথাও পাতে । কিন্তু অত্যাধুনিক আহিলাপাতিৰে সমৃদ্ধ উত্তৰ গুৱাহাটী আৰক্ষীয়ে মহানগৰীৰ চোৰৰ গেঙক উৎখাত কৰাত সম্পূৰ্ণ বিফল হয়।

    ২৮ মে'ৰ ঘটনাস্থলীত উপস্থিত উত্তৰ গুৱাহাটী আৰক্ষীৰ (Assam Police) প্ৰতি আস্থাহীন ৰাইজে আৰক্ষীক লঘু-লাঞ্চনাও কৰে। একাংশ মহিলাই চোৰৰ পৰিৱৰ্তে আৰক্ষীলৈহে চোঁচা লোৱা পৰিলক্ষিত হৈছিল। আচলতে চোৰৰ উপদ্ৰৱত প্ৰতিঘৰ দুখীয়া ছাগলীপালক অতিষ্ঠ হৈছে। এতিয়াও বহু পৰিয়ালে গৰু-ছাগলী পালনেৰে নিজ সন্তানক পঢ়োৱা অথবা উপাৰ্জন কৰি আছে।

    আৰক্ষীক লৈ ৰাইজৰ অভিযোগ চোৰৰ খবৰ জনাব বিচাৰিলে কামৰূপ আৰক্ষীয়ে খবৰদাতাক ইতিকিং কৰে। ৰাইজৰ মতে,  গুৱাহাটী মহানগৰৰ পৰাই চোৰৰ বৃহৎ নেটৱৰ্ক পৰিচালিত হয় । এক বৃহৎ গেঙে কেইবাটাও ভাগ হৈ মহানগৰীৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পৰা ছাগলী চুৰ কৰি আহিছে। কোনোবা বন্দী হ'লে সকলো মেনেজ কৰি মোকলোৱাৰো আছে এক বাহিনী। এনে অৱস্থাত আৰক্ষীৰ ভূমিকাও সন্দেহৰ আওতাত বুলি অভিযোগ ৰাইজৰ।
    Published by:Gautam Barman
    First published: