হিৰ’ৰ দৰে আহে বিলাসী গাড়ীত, কিন্তু কৰে ছাগলী চুৰি, নগৰবেৰাত ৰাইজৰ হাতত ধৰা পৰি ৩ চোৰৰ এই বিলৈ

News18 Assam | News18-Assam
Updated:October 28, 2020, 11:53 AM IST
হিৰ’ৰ দৰে আহে বিলাসী গাড়ীত, কিন্তু কৰে ছাগলী চুৰি, নগৰবেৰাত ৰাইজৰ হাতত ধৰা পৰি ৩ চোৰৰ এই বিলৈ
এখন ভাৰ্ণা গাড়ীৰে তিনিজনীয়া চোৰৰ গেংটোৱে চুৰি কৰিছিল মুঠ সাতটাকৈ ছাগলী৷

এখন ভাৰ্ণা গাড়ীৰে তিনিজনীয়া চোৰৰ গেংটোৱে চুৰি কৰিছিল মুঠ সাতটাকৈ ছাগলী৷

  • Share this:
দক্ষিণ কামৰূপৰ নগৰবেৰাত ছাগলী চোৰৰ অভিনৱ কৌশল৷ বিলাসী বাহনেৰে ছাগলী চুৰি চোৰৰ দলৰ৷ ছাগলী চুৰি কৰি থাকোতে আটক তিনিজনীয়া চোৰৰ দল৷ AS-01-AK-6851 নম্বৰৰ এখন ভাৰ্ণা গাড়ীৰে তিনিজনীয়া চোৰৰ গেংটোৱে চুৰি কৰিছিল মুঠ সাতটাকৈ ছাগলী৷
ৰাইজে কৰায়ত্ত কৰা চোৰ তিনিটা ক্ৰমে নগাঁও অঞ্চলৰ নবীন হুছেইন, বৰপেটাৰ ইমান আলী আৰু আখতাৰ আলী৷

গাড়ীৰ ভিতৰৰ পৰা ছাগলী বন্ধা ৰছী, বিস্কুট, বাদাম আৰু এবিধ তেল উদ্ধাৰ৷ ছাগলীক বাদাম, বিস্কুট আদিৰ টোপ দি কাষলৈ মাতি আনি মুখত ছেল’টেপ লগাই গাড়ীত ভৰাই লৈছিল চোৰৰ দলটোৱে৷

নগৰবেৰাৰ কালুবাৰী গাঁৱত হাতে-লোটে এটা চোৰক ধৰাৰ লগতে আন দুটাক খেদি খেদি গৈ গাড়ী সহঃ ধূপধৰাত কৰায়ত্ত কৰা হয়৷ চোৰৰ দলৰ গাড়ীৰ পৰা উদ্ধাৰ হোৱা ছাগলীসহ আটাইকেইটা চোৰক নগৰবেৰা আৰক্ষীক চমজাই দিয়ে ৰাইজে৷
Published by: Sanjay Kumar Das
First published: October 28, 2020, 11:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading