গুৱাহাটীৰ ঈদৰ বজাৰত বিশেষ প্ৰজাতিৰ ছাগলী, ১ লাখ ২০ হাজাৰলৈকে উঠিছে দাম!

ইছলাম ধৰ্মী সকলৰ কোৰবানী ঈদলৈ মাজত মাথো এদিন

News18-Assam
Updated:August 10, 2019, 11:50 AM IST
গুৱাহাটীৰ ঈদৰ বজাৰত বিশেষ প্ৰজাতিৰ ছাগলী, ১ লাখ ২০ হাজাৰলৈকে উঠিছে দাম!
ইছলাম ধৰ্মী সকলৰ কোৰবানী ঈদলৈ মাজত মাথো এদিন
News18-Assam
Updated: August 10, 2019, 11:50 AM IST
ইছলাম ধৰ্মাৱলম্বী সকলৰ পবিত্ৰ ঈদলৈ মাজত মাথো এদিন আছে। ১২ আগষ্টত ইছলামধৰ্মী লোকসকলে পালন কৰিব ‘কোৰবানী ঈদ’। ‘কোৰবানী ঈদ’ত ছাগলীৰ মাংস খোৱাতো তেওঁলোকৰ এক প্ৰচলিত পৰম্পৰা। উল্লেখযোগ্য যে এই উৎসৱক মুছলমান সকলৰ দ্বিতীয় বৃহৎ উত্‍সৱ বুলি জনা যায়। এতিয়া ঈদৰ প্ৰাকমুহূৰ্তত এক বিশেষ প্ৰজাতীৰ ছাগলীয়ে আকৰ্ষিত কৰিছে সকলোকে।



এটা ছাগলীৰ দাম কিমান হ'ব পাৰে বাৰু! সাধাৰণতে আমাৰ বজাৰত দেখা ছাগলীসমূহৰ দাম অতি বেছি হ'লেও ১০ হাজাৰ টকা। বা তাতকৈ বেচি হ'লে ১৫ বা ২০ হাজাৰ টকা। কিন্তু সম্প্ৰতি গুৱাহাটীৰ বজাৰত ওলাইছে এনে এবিধ ছাগলী যাৰ মূল্য প্ৰতিটোত ৬৫হাজাৰ টকা। অবশ্যে হালত কিনিলে ইয়াৰ মূল্য ১লাখ ২০ হাজাৰ টকা।



এইবেলি ঈদৰ পূৰ্বে গুৱাহাটীৰ ভৰলুত থকা ছাগলীৰ বজাৰত বিক্ৰী হৈছে এইবিধ বিশেষ প্ৰজাতিৰ ছাগলী। ‘ৰাম ছাগলী’ হিচাপে স্থানীয় ভাবে পৰিচিত ‘বুলেট ব্ৰীড’ নামৰ এই বিশেষ প্ৰজাতিৰ ছাগলীবিধ শনিবাৰে বজাৰত বিক্ৰী হৈছে ৬৫হাজাৰ টকা দৰত।

 
আৰু চাওক পৰৱৰ্তী বাতৰি