নৰনাৰায়ণ সেতুৰ পৰা জপিয়াই আত্মহত্যা এগৰাকী অন্তঃসত্বা মহিলাৰ

গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত অঘটন ।

news18assam
Updated:June 14, 2019, 8:42 AM IST
নৰনাৰায়ণ সেতুৰ পৰা জপিয়াই আত্মহত্যা এগৰাকী অন্তঃসত্বা মহিলাৰ
গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত অঘটন ।
news18assam
Updated: June 14, 2019, 8:42 AM IST
গোৱালপাৰাৰ নৰনাৰায়ণ সেতুত অঘটন ।নৰনাৰায়ণ সেতুৰ পৰা জপিয়াই আত্মহত্যা কৰে এগৰাকী অন্তঃসত্বা মহিলাৰ । ৭ মাহৰ গৰ্ভৱতী মহিলা গৰাকীৰ নাম মেহেক আহমেদ (২৭) ঘৰ মৰিয়াম নগৰত । শৰীৰত ৭ মহীয়া সন্তানলৈ আত্মহত্যা কৰা মহিলাগৰকীৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।পৰিয়ালকেন্দ্ৰীক সংঘাতৰ বাবেই মহিলাগৰাকীয়ে এই চৰম পন্থা হাতত ল’লে বুলি অভিযোগ কৰে স্থানীয় লোকে।

৫ বছৰ আগতে নুৰ উদ্দীন নামৰ এগৰাকী লোকৰ লগত বিবাহ  পাশত আৱদ্ধ হৈছিল মহিলাগৰাকী । নুৰ উদ্দীনৰ দ্বিতীয় পত্নী আছিল মেহেক আহমেদ । ইতিমধ্যে আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ লৈ আহে।
আৰু চাওক পৰৱৰ্তী বাতৰি