মুখ্যপৃষ্ঠা »খবৰ »অসম »এখন ব্যতিক্ৰমী প্ৰাথমিক বিদ্যালয় ! ৰাজধানী এক্সপ্ৰেছৰ আৰ্হিত সজাই তুলিছে বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ ...

এখন ব্যতিক্ৰমী প্ৰাথমিক বিদ্যালয় ! ৰাজধানী এক্সপ্ৰেছৰ আৰ্হিত সজাই তুলিছে বিদ্যালয়ৰ শ্ৰেণীকোঠাসমূহ ...

ৰাজধানী এক্সপ্ৰেছ ৰে’ল গাড়ীৰ আৰ্হিত সজোৱা গোৱালপাৰাৰ এখন চৰকাৰী বিদ্যালয়ে এতিয়া সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ শেহতীয়াকৈ চ’ছিয়েল মিডিয়াতো চৰ্চিত এই বিশেষ বিদ্যালয়খন ৷

  • Share this:
ৰাজধানী এক্সপ্ৰেছ ৰে’ল গাড়ীৰ আৰ্হিত সজোৱা গোৱালপাৰাৰ এখন চৰকাৰী বিদ্যালয়ে এতিয়া সকলোৰে বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ শেহতীয়াকৈ চ’ছিয়েল মিডিয়াতো চৰ্চিত এই বিশেষ বিদ্যালয়খন ৷

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ সৈতে সমানে ফেৰ মাৰিবলৈ সক্ষম হোৱা গোৱালপাৰাৰ কৃষ্ণাইৰ আশুডুবী প্ৰাথমিক বিদ্যালয়খনে সম্প্ৰতি আকৰ্ষিত কৰিছে শৈক্ষিক মহলৰ লগতে ছাত্ৰ-ছাত্ৰীকো ৷ এগৰাকী প্ৰধান শিক্ষকৰ নিজা প্ৰচেষ্টাত অন্য ৰূপ লাভ কৰিছে বিদ্যালয় খনে ৷ সম্পূৰ্ণ নিজা খৰচৰে সজাই তুলিছে বিদ্যালয়খন ৷ কাৰ্যালয় গৃহটো ৰে’লৰ ইঞ্জিনৰ আৰু শ্ৰেণী কোঠা সমূহ একো একোটা ডবা সদৃশকৈ সজাই তুলিছে ৷ ১৯৫০ চনত স্থাপিত কৃষ্ণাইৰ আশুডুবী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অশোক নাথে ব্যক্তিগত প্ৰচেষ্টাত ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ীৰ আৰ্হিত সজাই তুলিছে বিদ্যালয়ৰ শ্ৰেণীকোঠা সমুহ ৷ ব্যক্তিগতখণ্ডৰ বিদ্যালয়ৰ পৰিৱৰ্তে ছাত্ৰছাত্ৰী সকলোক চৰকাৰী বিদ্যালয়ৰ প্ৰতি আকৰ্ষণৰ চেষ্টা প্ৰধান শিক্ষকগৰাকীৰ ৷ যি সময়ত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰতি অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকল আকৃষ্ট হৈছে তেনে সময়তে উক্ত চৰকাৰী বিদ্যালয়ৰ আটকধুনীয়াৰূপে মোহিত কৰিছে শৈক্ষিক মহলক ৷ আনহাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয় এৰি চৰকাৰী এই প্ৰাথমিক বিদ্যালয়খনলৈ ঢাপলি মেলিছে ছাত্ৰ-ছাত্ৰীসকল ৷ ইফালে বিদ্যালয়ৰ শিক্ষক -শিক্ষয়িত্ৰী সকলে ব্যক্তিগত বিদ্যালয়ৰ দৰে ছাত্ৰ-ছাত্ৰী সকলক প্ৰদান কৰি আহিছে শিক্ষা ৷ গুণগত শিক্ষাৰ মান উন্নত কৰাৰ উপৰি প্ৰদান কৰিছে নৈতিকতাৰ শিক্ষাও ৷শেহতীয়াকৈ বিদ্যালয়খন  আৰু অধিক সুন্দৰ ৰূপত সজোৱাৰ বাবে বহু পৰিকল্পনা গ্ৰহণ কৰিছে প্ৰধান শিক্ষক গৰাকীয়ে ৷ এই বিদ্যালয় খনে কেৱল যে ছাত্ৰ - ছাত্ৰী আৰু অভিভাৱকৰে দৃষ্টি আকৰ্ষণ কৰিছে তেনে নহয় , স্থানীয় লোকসকলৰ চেল্ফী পইণ্ট হৈ পৰিছে বিদ্যালয়খন ৷

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese

শেহতীয়া বাতৰি