• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Black Rice : অসমৰ ক'লা ধানৰ পথ প্ৰদৰ্শক উপেন্দ্ৰ ৰাভাৰ ক'লা ধানৰ খেতিপথাৰত ধান চপোৱা কাৰ্যসূচী শুভাৰম্ভ গোৱালপাৰৰ উপায়ুক্তৰ

Assam Black Rice : অসমৰ ক'লা ধানৰ পথ প্ৰদৰ্শক উপেন্দ্ৰ ৰাভাৰ ক'লা ধানৰ খেতিপথাৰত ধান চপোৱা কাৰ্যসূচী শুভাৰম্ভ গোৱালপাৰৰ উপায়ুক্তৰ

গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰই ২০১১ চনত উপেন্দ্ৰ ৰাভাৰ জৰিয়তে ক’লা ধানৰ খেতিৰ প্ৰচলনৰ উদ্যোগ লৈছিল।

গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰই ২০১১ চনত উপেন্দ্ৰ ৰাভাৰ জৰিয়তে ক’লা ধানৰ খেতিৰ প্ৰচলনৰ উদ্যোগ লৈছিল।

গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰই ২০১১ চনত উপেন্দ্ৰ ৰাভাৰ জৰিয়তে ক’লা ধানৰ খেতিৰ প্ৰচলনৰ উদ্যোগ লৈছিল।

  • Share this:
ক'লা ধানৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা জনপ্ৰিয় কৃষক উপেন্দ্ৰ ৰাভাৰ ক'লা ধানৰ খেতিপথাৰত ধান চপোৱা কাৰ্যৰ শুভ উদ্বোধন কৰিলে গোৱালপাৰাৰ উপায়ুক্ত খনিন্দ্ৰ চৌধুৰীয়ে।

গোৱালপাৰাৰ কৃষ্ণাইৰ আমগুৰিপাৰা গাঁৱত অসমৰ ক'লা ধানৰ পথ প্ৰদৰ্শক উপেন্দ্ৰ ৰাভাই খেতি কৰা ক'লা ধান চপোৱাৰ আনুষ্ঠানিক শুভাৰম্ভণী অনুষ্ঠানত উপায়ুক্তগৰাকীয়ে বন্তি প্ৰজ্বলন কৰি শস্য চপায়।

গোৱালপাৰা জিলা কৃষি বিষয়া নয়ন কুমাৰ বৰা, কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰধান বিজ্ঞানী সন্তোষ কুমাৰ বৈশ্যৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকি ৰাভাৰ কৃষিকৰ্মৰ প্ৰতি উত্‍সাহ যোগায় এ ৱাহিদ আহমেদ, ড০ হৰিচৰণ কলিতা, বেঞ্জামিন কামান, বন্দনা পাটগিৰি, অজয় ​​নাথ, সুকন্যা মেধি, গুঞ্জন কলিতা আদি বিভাগীয় আৰু কৃষি বিজ্ঞানীয়ে।



উল্লেখ্য, ক’লা ধান বা বেঙুনীয়া চাউল হৈছে অৰিজা চেটিভা প্ৰজাতিৰ ধানৰ প্ৰকাৰ, ইয়াৰে কিছুমান আঠাযুক্ত চাউল। ক’লা চাউল আঁহ, প্ৰ’টিন, আইৰনেৰে সমৃদ্ধ আৰু সমগ্ৰ বিশ্বতে জনপ্ৰিয়। ক’লা চাউলৰ ৰং গভীৰ ক’লা হয় মূলতঃ ইয়াত এন্থ’চাইনিনৰ পৰিমাণৰ বাবে।

গোৱালপাৰা কৃষি বিজ্ঞান কেন্দ্ৰই ২০১১ চনত উপেন্দ্ৰ ৰাভাৰ জৰিয়তে ক’লা ধানৰ খেতিৰ প্ৰচলনৰ উদ্যোগ লৈছিল। প্ৰথমে তেওঁক মাত্ৰ এক কিলোগ্ৰাম ক’লা ধান দিয়া হৈছিল। তাৰ পিছত গোৱালপাৰা কৃষি বিভাগ আৰু APART-এ বিভিন্ন স্থানত এই খেতিৰ প্ৰচলন কৰে। ২০১৪ চনৰ পৰা আজিলৈকে গোৱালপাৰাত ক’লা ধানৰ খেতি প্ৰায় ২০০০ বিঘালৈ সম্প্ৰসাৰিত হৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি