গোৱালপাৰাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা ঘোষণা কৰাৰ পিছতো ক’ভিডৰ নীতি-নিয়ম ভংগ কৰি বাহিৰলৈ ওলাই আহিছে বহু লোক। ফলত কোৰোণা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অধিক কঠোৰ হোৱাৰ দিশে আগবাঢ়িছে প্ৰশাসন।
গোৱালপাৰাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা ঘোষণা কৰাৰ পিছতো ক’ভিডৰ নীতি-নিয়ম ভংগ কৰি বাহিৰলৈ ওলাই আহিছে বহু লোক। ফলত কোৰোণা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অধিক কঠোৰ হোৱাৰ দিশে আগবাঢ়িছে প্ৰশাসন।
গোৱালপাৰাত এতিয়াৰে পৰা অধিক কঠোৰ হ’ব প্ৰশাসন ৷ গোৱালপাৰাক সম্পূৰ্ণ কণ্টেইনমেণ্ট জিলা ঘোষণা কৰাৰ পিছতো ক’ভিডৰ নীতি-নিয়ম ভংগ কৰি বাহিৰলৈ ওলাই আহিছে বহু লোক। ফলত কোৰোণা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অধিক কঠোৰ হোৱাৰ দিশে আগবাঢ়িছে প্ৰশাসন। সেইদৰে কোৰোণা নীতি উলংঘাকাৰীৰ বিৰুদ্ধে ব্যবস্থা ল'বলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে অভিভাৱক মন্ত্ৰী বিমল বৰাইয়ো।
গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী তথা শক্তি মন্ত্ৰী বিমল বৰাই যোৱা দুদিন ধৰি জিলাখনৰ কোভিড পৰিস্থিতি সম্পৰ্কে বুজ লৈছে। মন্ত্ৰীগৰাকীয়ে চিকিৎসালয় কৰ্তৃপক্ষ আৰু স্থানীয় প্ৰশাসনৰ সৈতেও মিলিত হৈছে আলোচনাত।
জিলাখনৰ বিভিন্ন ঠাইলৈ গৈ পৰিস্থিতি বুজ লৈছে মন্ত্ৰীগৰাকীয়ে। আৰু তেনে সময়তে বেংক সমূহত মানুহৰ ভিৰ দেখিমন্ত্ৰীগৰাকীয়ে বেংকৰ প্ৰতিগৰাকীৰ গ্ৰাহককে কোভিড টেষ্ট কৰিবলৈ নিৰ্দেশ দিয়ে। ফলত এতিয়াৰ পৰা প্ৰতিটো বেংকৰ দুৱাৰ মুখতে থাকিব স্বাস্থ্যকৰ্মীৰ এটা দল ৷ স্বাস্থ্য কৰ্মীসকলে প্ৰতিগৰাকী গ্ৰহকক কৰিব কোৰোণা টেষ্ট। লগতে বেংকৰ মেনেজাৰ সকলোকো এই ক্ষেত্ৰত ব্যৱস্থা ল’বলৈ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে।
সেইদৰে যোৱা কেইদিনমানৰ পৰা গোৱালপাৰা জিলাত ভেকচিনৰ নাটনি সন্দৰ্ভত বিমল বৰাই কয়- “এয়া কোনো ডাঙৰ কথা নহয়, কেৱল গোৱালপাৰা বা কেৱল অসমতে নহয়, সমগ্ৰ পৃথিৱীতে ভেকচিনৰ নাটনি হৈছে। ইয়াকলৈ বিতৰ্ক কৰাৰ কোনো প্ৰয়োজন নাই। কাকো দোষাৰোপ কৰিব নালাগে৷'
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|