মুখ্যপৃষ্ঠা »খবৰ »অসম »১৪০ কিলোমিটাৰ খোজকাঢ়ি আহি জুবিনক লগ কৰিব এইজন যুৱকে, মনত এটি আশা...

১৪০ কিলোমিটাৰ খোজকাঢ়ি আহি জুবিনক লগ কৰিব এইজন যুৱকে, মনত এটি আশা...

জুবিনক ‘ভগৱান’ বুলি ভৱা হিতেশে কেতিয়াও কাষৰ পৰা পোৱা নাই জুবিন গাৰ্গক৷ হিতেশ নাথে জানিবলৈ দিয়া মতে, জুবিন গাৰ্গৰ ওপৰত নিজে ৰচনা কৰিছে এটি গীতো৷

জুবিনক ‘ভগৱান’ বুলি ভৱা হিতেশে কেতিয়াও কাষৰ পৰা পোৱা নাই জুবিন গাৰ্গক৷ হিতেশ নাথে জানিবলৈ দিয়া মতে, জুবিন গাৰ্গৰ ওপৰত নিজে ৰচনা কৰিছে এটি গীতো৷

  • Share this:
ৰাজ্যত জুবিন গাৰ্গক ভাল পোৱা মানুহৰ অভাৱ নাই৷ বিশেষকৈ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন৷ নৱ প্ৰজন্মৰ যুৱক-যুৱতী সকলৰ অতিকৈ প্ৰিয় জুবিন গাৰ্গ৷ তাৰ মাজতে একাংশ এনেকুৱা জুবিন প্ৰেমী যুৱক-যুৱতী আছে যিসকলে ব্যতিক্ৰমী কাৰ্যপন্থাৰে জুবিনৰ প্ৰতি ভালপোৱা প্ৰকাশ কৰে৷ তেনে এজন যুৱক নাম হিতেশ নাথ৷

হিতেশৰ ঘৰ গোৱালপাৰাৰ পশ্চিম মাটিয়াৰ দোমনীত৷ হিতেশে পদযাত্ৰা আৰম্ভ কৰিছে জুবিন গাৰ্গৰ ঘৰলৈ৷ প্ৰায় ১৪০ কিলোমিটাৰ খোজ কাঢ়ি চাৰিদিন পিছত উপস্থিত হ’ব গুৱাহাটীত থকা জুবিনৰ ঘৰত৷

জুবিনক ‘ভগৱান’ বুলি ভৱা হিতেশে কেতিয়াও কাষৰ পৰা পোৱা নাই জুবিন গাৰ্গক৷ হিতেশ নাথে জানিবলৈ দিয়া মতে, জুবিন গাৰ্গৰ ওপৰত নিজে ৰচনা কৰিছে এটি গীতো৷ গীতটো গাব নিজে হিতেশ নাথে নিজেই৷ এই গানটো গাবৰ বাবে অনুমতি ল’বলৈ এনেদৰে খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছে হিতেশ নাথে৷

শেহতীয়া বাতৰি