গৰুৰ গাখীৰতকৈও বেছি উপকাৰী গো-মূত্ৰ আৰু গোবৰ! আজি বিধানসভাত এইদৰে মন্তব্য কৰিলে খুমটাইৰ বিজেপি বিধায়ক মৃণাল শইকীয়াই। মৃণাল শইকীয়াৰ মত, "গাখীৰতকৈও বেছি দামী গো-মূত্ৰ। গো-মুত্ৰ বিক্ৰী কৰি পতঞ্জলীয়ে ব্যৱসায় কৰি আছে।" তেও নিজে পতঞ্জলিৰ গো-মুত্ৰ কিনাৰ অভিজ্ঞতা বৰ্ণনা কৰি কয় যে "১০০ গ্ৰাম গো-মূত্ৰৰ দাম ৪৫ টকা। কিন্তু ১ লিটাৰ গাখীৰৰ দাম ৫০ টকা।"
গো-মূত্ৰই নহয় গোবৰৰো বহু গুণ কথা কলে বিধায়কগৰাকীয়ে। "গোবৰ কেৱল সাৰেই নহয়, গোবৰে প্ৰকৃতিক জীয়াই ৰখাতো অৰিহণা যোগায়।"
গৰুৰ গাখীৰ উপৰিও গোমূত্ৰ আৰু গোবৰৰ এনে মহান উপকাৰিতাৰ বাবেই ভাৰতত প্ৰাচীন কালৰে পৰা গোধনক গোমাতা ৰূপে পূজা কৰি অহা হৈছে আৰু গো হত্যা বাৰণ কৰা হৈছে বুলি মন্তব্য কৰে বিধায়ক শইকীয়াই।
বিধানসভাৰ আগন্তুক অধিবেশনত চৰকাৰে আনিবলগীয়া গো ৰক্ষা বিধেয়কক পূৰ্ণ সমৰ্থন জনাই সদনত সোমবাৰে এই মন্তব্য কৰিছিল বিধায়ক মৃণাল শইকীয়াই। তেওঁৰ চৰকাৰলৈ আহ্বান যাতে এই বিধেয়কত গো হত্যা ৰোধৰ লগতে গৰুৰৰ চোৰাং সৰবৰাহ ৰোধৰো কঠোৰ ব্যৱস্থা কৰা হয়।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|