৪৮ ঘণ্টাৰ ভিতৰত বন্ধ কৰা হ’ব গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পতাল

News18 Assam | News18-Assam
Updated:March 27, 2020, 3:34 PM IST
৪৮ ঘণ্টাৰ ভিতৰত বন্ধ কৰা হ’ব গুৱাহাটী মেডিকেল কলেজ এণ্ড হাস্পতাল
ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত।

ক’ৰোণা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্য চৰকাৰৰ বিশেষ সিদ্ধান্ত।

  • Share this:
অহা ৪৮ ঘণ্টাৰ ভিতৰত বন্ধ হৈ যাব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। চিকিৎসা মহাবিদ্যালয়খনক সম্পূৰ্ণ ৰূপে ‘ক’ৰোণা চিকিৎসালয়’ কৰিব ৰাজ্য চৰকাৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পিছত ৰাজ্যৰ বাকী কেইখন চিকিৎসা মহাবিদ্যালয়ো কেৱল ক’ৰোণা হাস্পতাল কৰা হ’ব।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কাইলৈৰ পৰা সাধাৰণ ৰোগীৰ বাবে চিকিৎসা সেৱা বন্ধ হোৱাৰ পৰিৱৰ্তে কৰ্কট ৰোগৰ চিকিৎসাৰ লগতে জৰুৰীকালীন বিভাগ আৰু প্ৰসূতি বিভাগৰ চিকিত্‍সা চলি থাকিব ।

সেইদৰে অন্যান্য চিকিৎসাৰ ক্ষেত্ৰত গুৱাহাটীৰ ব্যক্তিগতখণ্ডৰ চিকিৎসালয়ত বিশেষ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে। তাৰ বাবে ৩৬ খন ব্যক্তিগত চিকিৎসালয়ৰ তালিকা প্ৰস্তুত কৰিছে স্বাস্থ্য বিভাগে। এই কথা সংবাদমেল ়যোগে ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ লগতে মন্ত্ৰী শৰ্মাই লগতে কয় যে, ‘বৃহস্পতিবাৰে নিশালৈ ২৩৭টা নমুনা সংগ্ৰহ। শিলচৰপৰীক্ষাত মিজোৰামৰ নমুনাও আছে। গোটেইবোৰৰ ফলাফল ক’ৰোণা NEGATIVE। অসমত এতিয়াও চিনাক্ত হোৱা নাই ক’ৰোণা আক্ৰান্ত।’
Published by: Himangshu Bhuyan
First published: March 27, 2020, 3:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি