কোভিডক লৈ গুৰুত্বপূৰ্ণ মন্তব্য জি এম চি এইচৰ অধীক্ষক অভিজিৎ শৰ্মাৰ। তেওঁ কয় যে ৬০ বছৰৰ তলৰ কোভিড আক্ৰান্তৰ বাবে চিন্তাৰ কাৰণ নাই। আনুসংগিক বেমাৰ নাথকিলে অতি সহজে আৰোগ্য লাভ কৰিব পাৰে। GMCHত ৬০ৰ ঊৰ্ধ্বৰ ৫ গৰাকী লোকৰ ICUৰ প্ৰয়োজন। উশাহ–নিশাহৰ সমস্যা নাথাকিলে চিকিৎসালয়ত ভৰ্তি নহয় কোভিড আক্ৰান্ত। ১২% ৰোগীক ভৰ্তি কৰিবলগা হৈছে চিকিৎসালয়ত। বাকী সকলোকে হোম আইছ’লেচনৰ ব্যৱস্থা কৰা হৈছে।
স্বাস্থ্য মন্ত্ৰণালয়ৰ নিৰ্দেশ অনুসৰি, ৫ দিন চিকিৎসাৰ অন্তত নিজ গৃহলৈ যাব পাৰিব ৰোগী।বিগত বছৰৰ দৰে কোভিড আক্ৰান্তৰ জটিল সমস্যা নাই। GMCHত ১৭শ বিচনাৰ ব্যৱস্থা কৰা হৈছে। এতিয়ালৈ ৩ শ ৰোগী চিকিৎসাধীন হৈ আছে। দুপালি ভেকচিন লোৱা লোকৰ কোনো জটিল সমস্যা নাই বুলিও মন্তব্য কৰে GMCHৰ অধীক্ষক অভিজিৎ শৰ্মাই।