• Home
  • »
  • News
  • »
  • assam
  • »
  • ভেকচিন নোলোৱাসকলৰ বাবে ভয়ংকৰ বিপদ, জিএমচিএইচৰ সমীক্ষাত ওলাল এই তথ্য

ভেকচিন নোলোৱাসকলৰ বাবে ভয়ংকৰ বিপদ, জিএমচিএইচৰ সমীক্ষাত ওলাল এই তথ্য

জি এম চি এইচৰ আই চি ইউত চলোৱা তিনিমহীয়া সমীক্ষাৰ ভিত্তিত  অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাই বুধবাৰে জনায়।

জি এম চি এইচৰ আই চি ইউত চলোৱা তিনিমহীয়া সমীক্ষাৰ ভিত্তিত অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাই বুধবাৰে জনায়।

জি এম চি এইচৰ আই চি ইউত চলোৱা তিনিমহীয়া সমীক্ষাৰ ভিত্তিত অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাই বুধবাৰে জনায়।

  • Share this:

আপুনি ক'ভিড ভেকচিন লোৱা নাই নেকি? যদি লোৱা নাই তেন্তে সোনকালে লওক। কাৰণ ক’ভিড ভেকচিন নোলোৱা লোকসকলৰ ক্ষেত্ৰত দেখা গৈছে বিপদৰ আশংকা। শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালে চলোৱা এক সমীক্ষাত এই তথ্য পোহৰলৈ আহিছে যে অসমত ক’ভিড ভেকচিন নোলোৱা লোকৰ মৃত্যুৰ সংখ্যা বেছি।


জি এম চি এইচৰ আই চি ইউত চলোৱা তিনিমহীয়া সমীক্ষাত এই তথ্য পোহৰলৈ অহা বুলি অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাই বুধবাৰে জনায়। উল্লেখ্য যে মঙলবাৰে ৰাজ্যখনত তিনিজন লোকে ক’ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে। ইয়াৰে দুজন কামৰূপ মহানগৰৰ আৰু এগৰাকী শিৱসাগৰ জিলাৰ।


ৰাজ্যখনত এই পৰ্যন্ত ক’ভিডৰ ফলত ৬,০৩৪গৰাকী লোকে প্ৰাণ হেৰুৱাইছে। মৃত্যুৰ হাৰ হৈছে ০.৯৮ শতাংশ। ইফালে অসমত মঙলবাৰৰ দিনটোলৈ ২,৯৩,৬৬,৬৩৭ গৰাকী লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে।


ইয়াৰে ২,০৩,৪০,৮২৩ গৰাকীয়ে ক’ভিডৰ প্ৰথম ড’জ আৰু ৯০,২৫,৮১৪গৰাকীয়ে ভেকচিনৰ দুয়োটা ড’জ গ্ৰহণ কৰিছে। উল্লেখ্য যে ক’ভিড সংক্ৰমণ হ্ৰাসৰ বাবে ৰাজ্যত চলি থকা ভেকচিনেচন প্ৰক্ৰিয়া আৰু অধিক ত্বৰান্বিত কৰাৰ লক্ষ্য বান্ধি লৈছে ৰাজ্য চৰকাৰে।


গতিকে ভেকচিনৰ ক্ষেত্ৰত কোনো এলাহ নকৰি ৰাজ্য চৰকাৰৰ কাৰ্যসূচীত সহযোগ কৰাই শ্ৰেয়। কিয়নো জি এম চি এইচৰ আই চি ইউত চলোৱা তিনিমহীয়া সমীক্ষাৰ ভিত্তিত অধ্যক্ষ ডাঃ অভিজিৎ শৰ্মাই কোৱা কথাখিনিৰ তাৎপৰ্য নুই কৰিব নোৱাৰি।

Published by:Gautam Barman
First published: