বুধবাৰে পুৱা গুৱাহাটী মেডিকেল কলেজ হাস্পতালত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পিতৃৰ কোলাৰ পৰাই এগৰাকী মাস্ক পৰিধান কৰা মহিলাই কাঢ়ি লৈ গল এটি কণমানি শিশুক। বৰ্তমান ঘটনাৰ সন্দৰ্ভত ভঙাগড় থানাত এজাহাৰ দাখিল কৰিছে GMCH কৰ্তৃপক্ষই।
সন্ধানহীন হোৱা সাতমহীয়া শিশুটিৰ নাম প্ৰিয়ম কলিতা। যোৱা ২৪ মাৰ্চত শিশুটিক GMCH ত ভৰ্তি হৈছিল। শিশুটি কিডনীজনিত ৰোগত আক্ৰান্ত হৈ আছিল। বুধবাৰে পুৱা ৪.৩০ বজাত পিতৃৰ কোলাৰ পৰা এগৰাকী মহিলাই লৈ যায় শিশুটিক। শিশুটিৰ পিতৃৰ নাম নৱ কলিতা। শিশুটিৰ ঘৰ হাজোৰ কলিতাকোছিত৷
পিছে কোন এগৰাকী মাস্ক পৰিধান কৰা মহিলা? কাৰোবাৰ ওচৰত বিক্ৰী কৰিলে নেকি কণমানিটিক। আৰক্ষীয়ে এতিয়া আৰম্ভ কৰিছে তদন্ত। কিন্তু এই পৰ্যন্ত ঘটনাৰ সন্দৰ্ভত কোনো ধৰণৰ শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষী।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|