• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘GMCHত উত্‍পাত কৰিছে কোৰোণাত আক্ৰান্ত অমৰজ্যোতিয়ে, নিজৰ কাপোৰ খুলি কৰিছে অভব্য আচৰণ’

‘GMCHত উত্‍পাত কৰিছে কোৰোণাত আক্ৰান্ত অমৰজ্যোতিয়ে, নিজৰ কাপোৰ খুলি কৰিছে অভব্য আচৰণ’

কোৰোণাত আক্ৰান্ত অমৰজ্যোতিৰ অভিযোগ নস্যাত্‍ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী আৰু চিকিত্‍সকৰ

কোৰোণাত আক্ৰান্ত অমৰজ্যোতিৰ অভিযোগ নস্যাত্‍ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী আৰু চিকিত্‍সকৰ

কোৰোণাত আক্ৰান্ত অমৰজ্যোতিৰ অভিযোগ নস্যাত্‍ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী আৰু চিকিত্‍সকৰ

  • Share this:
শুকুৰবাৰে GMCHত চিকিত্‍সাধীন হৈ থকা মৰিগাঁৱৰ অমৰজ্যোতি ডেকাৰ এটা বিশেষ ফোনকল ভাইৰেল হৈছিল। ফোনযোগে নিজৰ মাতৃ আৰু পত্নীক চিকিত্‍সালয়খনত চিকিত্‍সক-নাৰ্ছে অমৰজ্যোতিক অৱহেলা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছিল।

গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ত স্নায়ুজনীত ৰোগত আক্ৰান্ত হৈ দীৰ্ঘদিন ধৰি চিকিত্‍সাধীন হৈ থকা অমৰজ্যোতিৰ দেহত কোৰোণাৰ অৱস্থিতি ধৰা পৰাৰ পিছত চিকিত্‍সালয়খনত তেওঁ চৰম অসুবিধাৰ সন্মুখীন হোৱাৰ অভিযোগ আনিছিল। যিয়ে সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

কিন্তু অমৰজ্যোতিৰ অভিযোগ এতিয়া নস্যাত্‍ কৰিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে চিকিত্‍সা মহাবিদ্যালয়খনত কৰ্মৰত চিকিত্‍সকে।

মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে, ‘অমৰজ্যোতি মোৰ সমষ্টিৰে। গতিকে প্ৰথমদিনাৰ পৰাই তেওঁক মই ভালদৰে চোৱা-চিটা কৰি আছো। কোনো ধৰণৰ তেওঁক অৱহেলা কৰা হোৱা নাই। চিকিত্‍সালয়ত এতিয়া উত্‍পাত কৰিছে অমৰজ্যোতিয়ে। আজিলৈকে অসমত যিমান কেইজন কোৰোণাত আক্ৰান্ত হ’ল, কোনেও এনে অভিযোগ অনা নাই। অমৰজ্যোতিৰ পৰিয়ালৰ লোককো আনকি দিয়া হৈছে সাহায্য। অমৰজ্যোতিৰ আচৰণৰ বাবে এতিয়া মহিলা স্বাস্থ্য কৰ্মী তেওঁৰ ওচৰত যাব নোৱাৰে।’

গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ চিকিত্‍সকেও এতিয়া অমৰজ্যোতিৰ অভিযোগ সম্পূৰ্ণ ৰূপে ভিত্তিহীন আখ্যা দিছে। GMCHৰ চিকিত্‍সক ডা০ তানবীৰে কয় যে,‘প্ৰথম অৱস্থাত অমৰজ্যোতিয়ে চিকিত্‍সাকৰ্মীসকলক কোনো ধৰণৰ সহযোগিতা কৰা নাছিল। আনকি নিজক কোৰোণাত আক্ৰান্ত নহয় বুলিহে চিনাকী দিয়ে অমৰজ্যোতিয়ে।’

চিকিত্‍সকজনে লগতে কয় যে, ‘অমৰজ্যোতিক চিকিত্‍সা প্ৰদানত কোনো ধৰণৰ অৱহেলা কৰা হোৱা নাই। সম্পূৰ্ণ প্ৰয়োজনীয় চিকিত্‍সা প্ৰদান কৰা হৈছে। কিন্তু প্ৰতি ক্ষেত্ৰতে অমৰজ্যোতিয়ে আপত্তি দৰ্শাই আৰু চিকিত্‍সা কৰ্মীসকলক গালি-গালাজ কৰে। তেওঁৰ ওচৰলৈ মহিলা কৰ্মী যাব নোৱাৰে, অভব্য আচৰণ কৰে। উলংগ হৈ ঘূৰি ফুৰে।’

ইতিমধ্যে এই সন্দৰ্ভত মনোৰোগ বিশেষজ্ঞৰ সৈতেও কথা পতা হৈছে বুলি জনাই গুৱাহাটী চিকিত্‍সা মহাবিদ্যালয়ৰ চিকিত্‍সকে।
First published: