• Home
  • »
  • News
  • »
  • assam
  • »
  • ধিঙৰ ৰাতুল শইকীয়াৰ পৰিয়ালৰ অভিযোগ নস্যাৎ GMCH কৰ্তৃপক্ষৰ, কি ক’লে GMCH কৰ্তৃপক্ষই?

ধিঙৰ ৰাতুল শইকীয়াৰ পৰিয়ালৰ অভিযোগ নস্যাৎ GMCH কৰ্তৃপক্ষৰ, কি ক’লে GMCH কৰ্তৃপক্ষই?

কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰাতুল শইকীয়াই মৃতদেহৰ পৰা অংগ কাটি নিয়াৰ অভিযোগ কৰিছিল পৰিয়ালৰ লোকে।

কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰাতুল শইকীয়াই মৃতদেহৰ পৰা অংগ কাটি নিয়াৰ অভিযোগ কৰিছিল পৰিয়ালৰ লোকে।

কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰাতুল শইকীয়াই মৃতদেহৰ পৰা অংগ কাটি নিয়াৰ অভিযোগ কৰিছিল পৰিয়ালৰ লোকে।

  • Share this:
ধিঙৰ ৰাতুল শইকীয়াৰ পৰিয়ালৰ অভিযোগ নস্যাৎ GMCH কৰ্তৃপক্ষৰ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে GMCHৰ অধীক্ষক অভিজিত শৰ্মাই। তেওঁ কয় যে মুমূৰ্ষু অৱস্থাত GMCHলৈ অনা ৰাতুল শইকীয়াক পোনে পোনে ভৰ্তি কৰা হৈছিল ICUত। চিকিৎসকে পাৰ্যমানে চেষ্টা কৰিছিল ৰোগীজনক বচাবলৈ। কিন্তু ইমান কষ্টৰ পিছতো এই অপবাদে মানসিকভাৱে ব্যথিত কৰিছে চিকিৎসকসকলক। GMCH কৰ্তৃপক্ষই অভিযোগ সন্দৰ্ভত চৰকাৰলৈ প্ৰেৰণ কৰিব পত্ৰ। প্ৰয়োজন সাপেক্ষে অভিযোগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব GMCH কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে কোভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰাতুল শইকীয়াই মৃতদেহৰ পৰা অংগ কাটি নিয়াৰ অভিযোগ কৰিছিল পৰিয়ালৰ লোকে। ধিঙৰ ভকত গাঁৱৰ ৰাতুল শইকীয়া নামৰ  লোকজন যোৱা ২৯ জুনত কোভিডত আক্ৰান্ত হৈছিল। কোৰোণাত আক্ৰান্ত হোৱাৰ পিছত প্ৰথম অৱস্থাত নগাঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় লোকজনক। কিন্তু হঠাতে ৩০ জুনত স্বাস্থ্যৰ অৱনতি হোৱাত ততাতৈয়াকৈ নগাঁৱৰ পৰা GMCHৰ ছুপাৰ স্পেচিয়েলিটী কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৰাতুল শইকীয়াক।

কিন্তু চিকিৎসাধীন অৱস্থাতে ৰাতুলৰ মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত পৰিয়ালৰ কোনো লোক চাবলৈ দিয়া হোৱা নাছিল বুলি অভিযোগ কৰিছিল পৰিয়ালৰ লোকে। মৃত ৰাতুল শইকীয়াৰ মৃতদেহ পৰিয়ালক চমজাই নিদি মৃতদেহটো গুৱাহাটীতেই চৰকাৰীভাৱে সৎকাৰৰ ব্যৱস্থা কৰা হৈছিল। শ্মশানত মৃতদেহটো প্ৰথম অৱস্থাত চাবলৈ দিয়া হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত মৃত শইকীয়াৰ আত্মীয়ই বহু অনুনয়–বিনয় কৰাৰ পিছত মৃতদেহটো চাবলৈ দিয়া হৈছিল বুলি কয় পৰিয়ালৰ লোকে।

মৃতদেহৰ এটা চকু আৰু তল পেটত কটা অৱস্থাত আছিল বুলি অভিযোগ কৰিছিল ককায়েক প্ৰশান্ত শইকীয়া আৰু পত্নী বন্দনা শইকীয়াই। পৰিয়ালৰ লোকৰ সন্দেহ, চিকিৎসালয়ত মৃত্যু হোৱা ৰাতুল শইকীয়াৰ বিভিন্ন অংগ কাটি লৈ যোৱা হৈছে। এই বাতৰি প্ৰচাৰ হোৱাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিএমচিএইচ কৰ্তৃপক্ষই।
Published by:Sanjay Kumar Das
First published: