
গুৱাহাটী পৌৰ নিগমে কেৱল মটৰ চালিত ৰিক্সাই নহয়, বৰঞ্চ পৰৱৰ্তী সময়ত মটৰ নিৰ্মাতা কোম্পানীসমূহৰ বিৰুদ্ধেও চলাব অভিযান
গুৱাহাটী পৌৰ নিগমে কেৱল মটৰ চালিত ৰিক্সাই নহয়, বৰঞ্চ পৰৱৰ্তী সময়ত মটৰ নিৰ্মাতা কোম্পানীসমূহৰ বিৰুদ্ধেও চলাব অভিযান
গুৱাহাটী মহানগৰীত মটৰচালিত ৰিক্সা বিৰোধী অভিযান পূৰ্বতকৈ অধিক তীব্ৰতৰ হৈছে। হাতীগাঁও, গণেশগুৰি, উজান বজাৰ আদি বিভিন্ন স্থানত গুৱাহাটী পৌৰ নিগমে চলোৱা অভিযানত ২৫ খনৰো অধিক মটৰ চালিত ৰিক্সা জব্দ কৰা হৈছে। জানিব পৰা মতে, জিএমচিৰ কেইবাটাও দলে জব্দকৃত ৰিক্সাসমূহৰ পৰা পাঁচ হাজাৰ টকাৰ জৰিমনা বিহিছে। পৰৱৰ্তী সময়ত এইসমূহ মটৰ চালিত ৰিক্সাই আইন অমান্য কৰিলে জৰিমনা দুগুনলৈ বৃদ্ধি কৰিব বুলিও জিএমচিয়ে মটৰ চালিত ৰিক্সা চালকক সকীয়াই দিছে। গুৱাহাটী পৌৰ নিগমে কেৱল মটৰ চালিত ৰিক্সাই নহয়, বৰঞ্চ পৰৱৰ্তী সময়ত মটৰ নিৰ্মাতা কোম্পানীসমূহৰ বিৰুদ্ধেও অভিযান চলাব বুলি জানিবলৈ দিয়ে।
মন কৰিবলগীয়া যে, গুৱাহাটী পৌৰ নিগমে বহু মটৰ চালিত ৰিক্সাৰ স্বত্বাধিকাৰীয়ে বিনা অনুমতিত স্ব–ইচ্ছাই মটৰ কোম্পানী খোলাৰ অভিযোগ লাভ কৰিছে। এই সম্পৰ্কত গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই কয় যে, "মহানগৰীত মটৰ চালিত বেটাৰী ৰিক্সা বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি তোলা হৈছে। গুৱাহাটীৰ পৌৰ নিগমৰ অভিযানত ইতিমধ্যে ২৫ খন বেটাৰী ৰিক্সা জব্দ হৈছে বুলিও তেওঁ জনায়। গণেশগুৰি, উজানবজাৰ আদিৰ বিভিন্ন স্থানৰ পৰা ৰিক্সাসমূহ জব্দ কৰা হৈছে। আগন্তুক দিনত ধৰাবাহিকভাৱে নিগমৰ অভিযান চলিব।"
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|