• Home
  • »
  • News
  • »
  • assam
  • »
  • GMC Election Results 2022: বিজেপিৰ ছুনামীত উটি গ'ল কংগ্ৰেছ! অসমৰ ৰাজনীতিত খোজ দিলে AAP-এ, হুকুমে মান ৰাখিলে AJPৰ

GMC Election Results 2022: বিজেপিৰ ছুনামীত উটি গ'ল কংগ্ৰেছ! অসমৰ ৰাজনীতিত খোজ দিলে AAP-এ, হুকুমে মান ৰাখিলে AJPৰ

নিৰ্বাচনী ফলাফলত প্ৰত্যাশিত ভাবেই বিজেপি মিত্ৰজোঁটে ৫৮টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছে।

নিৰ্বাচনী ফলাফলত প্ৰত্যাশিত ভাবেই বিজেপি মিত্ৰজোঁটে ৫৮টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছে।

নিৰ্বাচনী ফলাফলত প্ৰত্যাশিত ভাবেই বিজেপি মিত্ৰজোঁটে ৫৮টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছে।

  • Share this:
আজি ঘোষণা কৰা হ'ল গুৱাহাটী পৌননিগমৰ নিৰ্বাচন। প্ৰায় ৯ বছৰৰ পিছত অনুষ্ঠিত হোৱা নিৰ্বাতনত বিজেপিৰ ছুনামীত উটি গ'ল কংগ্ৰেছ দল। ৬০খন আসনযুক্ত গুৱাহাটী পৌৰনিগমত অতি লজ্জাজনক ভাবে কংগ্ৰেছে এটাও ৱাৰ্ডত জয়লাভ কৰিবলৈ সক্ষম নহ'ল। কিন্তু কংগ্ৰেছৰ পৰিৱৰ্তে আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদে এটাকৈ ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছে।

নিৰ্বাচনী ফলাফলত প্ৰত্যাশিত ভাবেই বিজেপি মিত্ৰজোঁটে ৫৮টা ৱাৰ্ড দখল কৰিবলৈ সক্ষম হৈছে। এইবাৰ নিৰ্বাচনত ৱাৰ্ড বিশেষে কংগ্ৰেছৰ পৰিৱৰ্তে আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ লগতহে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা হোৱা দেখিবলৈ পোৱা গ'ল।

কোন ৱাৰ্ডত কোন জিকিলে?

  • ১নং ৱাৰ্ডত অসম জাতীয় পৰিষদৰ হুকুম চান আলী বক্সিৰ জয়।

  • ২নং ৱাৰ্ডত বিজেপিৰ মুকুল কলিতাৰ জয়লাভ।

  • ৩নং ৱাৰ্ডত বিজেপিৰ কল্লোল চক্ৰৱৰ্তীৰ জয়।

  • ৪নং ৱাৰ্ডত বিজেপিৰ কনকলতা দেৱৰ জয়।

  • ৫নং ৱাৰ্ডত বিজেপিৰ সঞ্জয় দাসৰ জয়।

  • ৬নং ৱাৰ্ডত বিজেপিৰ সুতাপা সৰকাৰৰ বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়।

  • ৭নং ৱাৰ্ডত বিজেপিৰ ৰিংকুমণি ব্ৰহ্ম জয়ী।

  • ৮নং ৱাৰ্ডত বিজেপিৰ সুধন্য মালাকাৰ জয়ী।

  • ৯নং ৱাৰ্ডত বিজেপিৰ অৰ্চনা দাস বিজয়ী।

  • ১০নং ৱাৰ্ডত অগপৰ কল্পনা দাস জয়ী।

  • ১১নং ৱাৰ্ডত বিজেপিৰ মঞ্জুলা দেৱীৰ জয়।

  • ১২নং ৱাৰ্ডত অগপ প্ৰাৰ্থী দীপাংকৰ বৈশ্যৰ জয়।

  • ১৩নং ৱাৰ্ডত অগপৰ পূৰবী তালুকদাৰৰ জয়।

  • ১৪নং ৱাৰ্ডত বিজেপিৰ মঞ্জু বৰাৰ জয়।

  • ১৫নং ৱাৰ্ডত বিজেপিৰ সৌৰভ জুনজুনৱালা জয়ী।

  • ১৬নং ৱাৰ্ডত বিজেপিৰ প্ৰমোদ স্বামীৰ জয়।

  • ১৭নং ৱাৰ্ডত বিজেপিৰ স্নিগ্ধা বৰুৱাৰ জয়।

  • ১৮নং ৱাৰ্ডত বিজেপিৰ শংকৰ চক্ৰৱৰ্তীৰ জয়।

  • ১৯নং ৱাৰ্ডত বিজেপিৰ ব্ৰিজেশ ৰয়ৰ জয়।

  • ২০নং ৱাৰ্ডত বিজেপিৰ দৌল গোপাল মণ্ডলৰ জয়।

  • ২১নং ৱাৰ্ডত বিজেপিৰ সন্দীপ দেৱৰ জয়।

  • ২২নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ বিজেপিৰ স্মৃতা ৰয়ৰ।

  • ২৩নং ৱাৰ্ডত বিজেপিৰ মঞ্জিতা দৈমাৰীৰ জয়।

  • ২৪নং ৱাৰ্ডত অগপৰ বিজু মেধীৰ জয়।

  • ২৫নং ৱাৰ্ডত বিজেপিৰ মঞ্জুলা ৰাভা জয়ী।

  • ২৬নং ৱাৰ্ডত বিজেপিৰ ৰাণা চেতিয়াৰ জয়।

  • ২৭নং ৱাৰ্ডত বিজেপিৰ ৰিংকু মণি বৰাৰ জয়।

  • ২৮নং ৱাৰ্ডত বিজেপিৰ স্নিগ্ধা দৈমাৰী জয়ী।

  • ২৯নং ৱাৰ্ডত বিজেপিৰ মৃগেন শৰণীয়া জয়ী।

  • ৩০নং ৱাৰ্ডত বিজেপিৰ বিনীতা দত্ত চৌধুৰী জয়ী।

  • ৩১নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী ৰত্না সিঙৰ জয়।

  • ৩২নং ৱাৰ্ডত বিজেপিৰ নিলম জ্যোতি ভূঞাৰ জয়।

  • ৩৩নং ৱাৰ্ডত অগপ প্ৰাৰ্থী মীৰা দাস চহৰীয়াৰ জয়।

  • ৩৪নং ৱাৰ্ডত বিজেপিৰ জোনমণি বৰাৰ জয়।

  • ৩৫নং ৱাৰ্ডত বিজেপিৰ নবীন বৰাৰ জয়।

  • ৩৬নং ৱাৰ্ডত বিজেপিৰ মেঘ্না হাজৰিকাৰ জয়।

  • ৩৭নং ৱাৰ্ডত বিজেপিৰ স্বপ্না দেৱীৰ জয়।

  • ৩৮নং ৱাৰ্ডত বিজেপি শশাংক জ্যোতি ডেকাৰ জয়।

  • ৩৯নং ৱাৰ্ডত বিজেপিৰ অভিক সৌম জয়ী।

  • ৪০নং ৱাৰ্ডত বিজেপিৰ ববিতা ডেকা জয়ী।

  • ৪১নং ৱাৰ্ডত বিজেপিৰ বাসন্তী কলিতা দুৱাৰাৰ জয়।

  • ৪২নং ৱাৰ্ডত আম আদমি পাৰ্টীৰ মাছুমা বেগমৰ জয়লাভ।

  • ৪৩নং ৱাৰ্ডত বিজেপিৰ অঞ্জনা বৰাৰ জয়।

  • ৪৪নং ৱাৰ্ডত বিজেপিৰ সত্যেন্দ্ৰ নাথ ভট্টৰ জয়।

  • ৪৫নং ৱাৰ্ডত বিজেপিৰ মাধৱী তালুকদাৰ জয়ী।

  • ৪৬নং ৱাৰ্ডত বিজেপিৰ আশিস ভৰালী জয়ী।

  • ৪৭নং ৱাৰ্ডত বিজেপিৰ প্ৰফুল্ল মহন্ত জয়ী।

  • ৪৮নং ৱাৰ্ডত বিজেপিৰ দুলুমণি কাকতিৰ জয়।

  • ৪৯নং ৱাৰ্ডত বিজেপিৰ অৰূপ ডেকা জয়ী।

  • ৫০নং ৱাৰ্ডত বিজেপিৰ উৎপল মহন্তৰ জয়।

  • ৫১নং ৱাৰ্ডত বিজেপিৰ ডিম্পল ৰাভাৰ জয়।

  • ৫২নং ৱাৰ্ডত বিজেপিৰ গকুল গোস্বামীৰ জয়লাভ।

  • ৫৩নং ৱাৰ্ডত বিজেপিৰ লিপিকা পাটোৱাৰী কলিতাৰ জয়।

  • ৫৪নং ৱাৰ্ডত বিজেপিৰ গীতা ঠাকুৰীয়াৰ জয়।

  • ৫৫নং ৱাৰ্ডত বিজেপিৰ মনোজ কুমাৰ নাথ বিজয়ী।

  • ৫৬নং ৱাৰ্ডত বিজেপিৰ ৰাখী বৰাৰ জয়।

  • ৫৭নং ৱাৰ্ডত বিজেপিৰ কবিতা শৰ্মা জয়ী।

  • ৫৮নং ৱাৰ্ডত বিজেপিৰ গৌৰী বৰা জয়ী।

  • ৫৯নং ৱাৰ্ডত বিজেপিৰ অসীম শইকীয়া জয়ী।

  • ৬০নং ৱাৰ্ডত বিজেপিৰ ভূপেন বৰুৱা জয়ী।

Published by:Himangshu Bhuyan
First published:

শেহতীয়া বাতৰি