মুখ্যপৃষ্ঠা »খবৰ »অসম »গুৱাহাটীৰ বাহিনী নৈৰ ওপৰত থকা দলং ভঙা কাৰ্য আৰম্ভ কৰিলে পৌৰ নিগমে

গুৱাহাটীৰ বাহিনী নৈৰ ওপৰত থকা দলং ভঙা কাৰ্য আৰম্ভ কৰিলে পৌৰ নিগমে

ভাঙিলে জনতা ভৱনৰ সন্মুখৰ মনেল টাৱাৰে নিৰ্মাণ কৰা দলং

ভাঙিলে জনতা ভৱনৰ সন্মুখৰ মনেল টাৱাৰে নিৰ্মাণ কৰা দলং

ভাঙিলে জনতা ভৱনৰ সন্মুখৰ মনেল টাৱাৰে নিৰ্মাণ কৰা দলং

  • Share this:
বাহিনী নৈৰ ওপৰত থকা দলঙত পৰিল গুৱাহাটী পৌৰ নিগমৰ হাতুৰী। জনতা ভৱনৰ সন্মুখৰ মনেল টাৱাৰে (Monal Tower)-এ নিয়মবহিৰ্ভূতভাৱে নিৰ্মাণ কৰিছিল এই দলং। এই দলং এতিয়া পৌৰ নিগমে নিৰ্ধাৰণ কৰা সীমাৰেখাৰ ভিতৰত নিৰ্মাণ কৰিব লাগিব।

উল্লেখ্য, মহানগৰীত বানপানীৰ দৰে জ্বলন্ত সমস্যা ৰোধ কৰিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই পদক্ষেপ লৈছে। সেই অনুসৰি গুৱাহাটী পৌৰ নিগমৰ পঞ্চম সংমণ্ডলৰ অন্তৰ্গত বহুকেইটা অঞ্চলত ভঙা যাব বাহিনী নৈৰ ওপৰত থকা দলং।

উল্লেখ্য, কামৰূপৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উপায়ুক্ত আৰু অধ্যক্ষ পল্লৱ গোপাল ঝাৰ প্ৰতিবেদনত বৰষুণৰ বতৰত পানীৰ সুষম প্ৰবহনৰ বাবে নৈত থকা দলং ভঙাৰ তাৎক্ষণিক প্ৰয়োজনীয়তা ব্যক্ত কৰে। তেওঁ দিছপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক জিএমচি (GMC)ৰ দ্বাৰা এই কাম সম্পাদন কৰাৰ সময়ত সকলো প্ৰয়োজনীয় প্ৰশাসনীয় সমৰ্থন দিবলৈ নিৰ্দেশ দিয়ে।

শেহতীয়া বাতৰি