உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Barpetarod Municipal Elections : কোনো প্ৰতিদ্বন্দ্বী নাই, বৰপেটাৰোডতো জয়লাভ বিজেপিৰ গীতুমণি দাসৰ

    Barpetarod Municipal Elections : কোনো প্ৰতিদ্বন্দ্বী নাই, বৰপেটাৰোডতো জয়লাভ বিজেপিৰ গীতুমণি দাসৰ

     বৰপেটাৰোড পৌৰসভাৰ দহটা ৱাৰ্ডত এইবাৰ মুঠ প্ৰাৰ্থী ২৪জন প্ৰাৰ্থী

    বৰপেটাৰোড পৌৰসভাৰ দহটা ৱাৰ্ডত এইবাৰ মুঠ প্ৰাৰ্থী ২৪জন প্ৰাৰ্থী

    বৰপেটাৰোড পৌৰসভাৰ দহটা ৱাৰ্ডত এইবাৰ মুঠ প্ৰাৰ্থী ২৪জন প্ৰাৰ্থী

    • Share this:
    বৰপেটাৰোড পৌৰসভাৰ নিৰ্বাচনত ৬নং ৱাৰ্ডৰ পৰা গীতুমণি দাস বিনা প্ৰতিদ্বন্দ্ৱিতাৰে নিৰ্বাচিত হৈছে ৷ আজি সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা প্ৰাৰ্থীগৰাকীয়ে  ৬নম্বৰ ৱাৰ্ডৰ বুথ সভাপতি তথা মন্ত্ৰী ৰণজিৎ  কুমাৰ দাসক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে বৰপেটাৰোডবাসীকো ধন্যবাদ জনায় (Barpetarod municipal elections) ৷

    মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বুথ সভাপতি হিচাপে থকা ৱাৰ্ডৰ পৰা বিজেপিৰ প্ৰাৰ্থীগৰাকী বিনাপ্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৷ বিজেপি দলৰ প্ৰগতি আৰু ৬নম্বৰ ৱাৰ্ডৰ উন্নতিয়েই প্ৰথম লক্ষ্য বুলি উল্লেখ কৰি গীতুমণি দাসে কয় ৬ নম্বৰ ৱাৰ্ডত  বেলেগ কোনো  দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে মনোনয়ন দাখিল নকৰাৰ বাবে অতি সহজতে প্ৰাৰ্থীগৰাকী জয়ী হ'বলৈ সক্ষম হয় (BJP candidate win unopposed) ৷

    অৱশ্যে বেলেগ প্ৰাৰ্থী থাকিলেও প্ৰাৰ্থীগৰাকী জয়ী হ'ল হয় বুলিও দৃঢ়তাৰে কয় বিজেপিয়ে। কেৱল বৰপেটাৰোড নহয়, সমগ্ৰ অসমতেই বিজেপি জয়ী হ'ব বুলিও কয় গীতুমণি দাসে ৷ উল্লেখ্য যে বৰপেটাৰোড পৌৰসভাৰ দহটা ৱাৰ্ডত এইবাৰ মুঠ প্ৰাৰ্থী ২৪জন প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল ৷ ইয়াৰে বিজেপিৰ ১০ জন, কংগ্ৰেছৰ ৩ জন, চি পি আই এমৰ ৩ জন, অগপৰ এজন আৰু নিৰ্দলীয় ৭ জন প্ৰাৰ্থী ৷
    Published by:Gautam Barman
    First published: