ছিপাঝাৰৰ যুৱক-যুৱতীক বিশ্বনাথ চাৰিআলিৰ ফাৰ্ম মেচিনাৰী ট্ৰেইনিং এণ্ড টেষ্টিং ইনষ্টিটিউটত ট্ৰেক্টৰ চলোৱাৰ লগতে বিভিন্ন যন্ত্ৰৰ প্ৰশিক্ষণ লৈ কৃষিৰ বাবে হৈছে সাজু।
ছিপাঝাৰৰ যুৱক-যুৱতীক বিশ্বনাথ চাৰিআলিৰ ফাৰ্ম মেচিনাৰী ট্ৰেইনিং এণ্ড টেষ্টিং ইনষ্টিটিউটত ট্ৰেক্টৰ চলোৱাৰ লগতে বিভিন্ন যন্ত্ৰৰ প্ৰশিক্ষণ লৈ কৃষিৰ বাবে হৈছে সাজু।
যি সময়ত আফগানিস্তানত মহিলা সকলে বোৰ্খা পিন্ধাৰ লগতে প্ৰাণৰ মমতাত ঘৰত সোমাই থাকিবলৈ বাধ্য হৈছে সেই সময়তে অসমৰ যুৱতীয়ে ট্ৰেক্টৰ চলাই খেতি পথাৰত কৃষি কৰ্মৰ বাবে আগবাঢ়ি আহিছে ৷ ঐতিহ্যমণ্ডিত নাগশংকৰ মন্দিৰৰ পৰা একাংশ যুৱতীয়ে ট্ৰেক্টৰ লৈ ছিপাঝাৰৰ গৰুখুটীলৈ বুলি ৰাওনা হৈছে ৷ উদ্দেশ্য ছিপাঝাৰৰ গৰুখুটী প্ৰকল্পত মাটি চহাই খেতি কৰিব ৷
দৰং জিলাৰ ছিপাঝাৰত অসম চৰকাৰে নিৰ্মাণ কৰি থকা গৰু খুটি প্ৰকল্পত কাম কৰিবলৈ ২৩ গৰাকী যুৱক-যুৱতীক ট্ৰেক্টৰ চলোৱাৰ প্ৰশিক্ষণ দিয়াৰ কাম সম্পূৰ্ণ হৈছে ৷ শুকুৰবাৰে নিজৰ প্ৰশিক্ষণ শেষ কৰি বিশ্বনাথ জিলাৰ নাগশংকৰ দেৱালয়ত সেৱা ধৰি গৰুখুটিলৈ বুলি ৰাওনা হয় এই ২৩ গৰাকী যুৱক-যুৱতী ৷ ছিপাঝাৰৰ এই সকল যুৱতীক বিশ্বনাথ চাৰিআলিৰ ফাৰ্ম মেচিনাৰী ট্ৰেইনিং এণ্ড টেষ্টিং ইনষ্টিটিউটত ট্ৰেক্টৰৰ লগতে বিভিন্ন যন্ত্ৰৰ প্ৰশিক্ষণ দিয়াই কৃষি কৰ্মৰ বাবে সাজু কৰি তুলিছে গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ তথা চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই ৷ ৷
১৮ জন যুৱক আৰু ৫ গৰাকী যুৱতীৰে গঠিত দলটোক শুকুৰবাৰে বিদায় সম্বৰ্দ্ধনা জনোৱা হয় নাগশংকৰ মন্দিৰৰ চৌহদত থকা প্ৰেক্ষাগৃহত ৷ যুৱকসকলৰ সমান্তৰালকৈ যুৱতীসকলো পথাৰত নমাৰ উদ্দেশ্যে ওলাই আহিছে কৃষি কৰ্ম শিকিবলৈ ৷ বিগত এমাহ ধৰি প্ৰশিক্ষণ গ্ৰহণ কৰি বিদায় লৈ নিজৰ সহযোগীক কাষত বহুৱাই যুৱতী কেইগৰাকীয়ে ট্ৰেক্টৰ চলাই আৰম্ভে কৰে গৰুখুটিলৈ যাত্ৰা ৷ নাগশংকৰ দেৱালয়ৰ পৰা প্ৰথমতে জামুগুৰিহাট কন্যাকা বহুমুখী পামত উপস্থিত হোৱাৰ পিছত পুনৰ গৰুখুটিলৈ যাত্ৰা আৰম্ভ কৰে এই সকল যুৱক-যুৱতীয়ে ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|