মই অসমীয়া ক'ব নাজানো, কাৰণ...সৰস্বতী পূজাৰ দিনা ট্ৰ’ল হোৱা ছাত্ৰীগৰাকীৰ স্পষ্টীকৰণ

News18 Assam | News18-Assam
Updated:January 31, 2020, 9:22 PM IST
মই অসমীয়া ক'ব নাজানো, কাৰণ...সৰস্বতী পূজাৰ দিনা ট্ৰ’ল হোৱা ছাত্ৰীগৰাকীৰ স্পষ্টীকৰণ
‘মই অসমীয়া ক’বলৈ বা লিখিবলৈ লগৰ অসমীয়া বন্ধুৰ পৰা শিকি আছো’

‘মই অসমীয়া ক’বলৈ বা লিখিবলৈ লগৰ অসমীয়া বন্ধুৰ পৰা শিকি আছো’

  • Share this:
সৰস্বতী পূজাৰ দিনা এটা ব্যক্তিগত নিউজ পৰ্টেলৰ আগত ‘অসমীয়া ক’বলৈ মোৰ অসুবিধা হয়’ বুলি কৈ ছচিয়েল মিডিয়াত ব্যাপক ভাবে ট্ৰ’ল হোৱা যুৱতীগৰাকীয়ে অৱশেষত দিলে স্পষ্টীকৰণ।

যুৱতীগৰাকীৰ নাম অৰীত্ৰা গাংগুলী, কটন বিশ্ববিদ্যালয়ৰ দ্বিতীয় ষান্মাষিকৰ ছাত্ৰী। ছাত্ৰীগৰাকীয়ে দুখ প্ৰকাশ কৰি কয় যে,‘মিডিয়াই অন্য ধৰণে প্ৰচাৰ কৰিলে সেই ভিডিঅ’টো। বাঙালী ছোৱালী হোৱাৰ বাবে ঘৰত তেওঁ বাঙালী ভাষাতে কথা পাতে। লগতে যুৱতীগৰাকীয়ে  প্ৰাথমিক পৰ্যায়ৰ পৰাই শিক্ষা লৈছে ইংৰাজী মাধ্যমত। গতিকে একেবাৰেই চৰ্চা কৰিব পৰা নাছিল অসমীয়া ভাষা।’

ছাত্ৰীগৰাকীয়ে ছচিয়েল মিডিয়া যোগে লগতে কয় যে, বৰ্তমান অসমীয়া ক’বলৈ বা লিখিবলৈ তেওঁ শিকি আছে। ছাত্ৰীগৰাকীৰ ভাষ্য, ‘ একো কথা নজনাকৈ এনেদৰে কেতিয়াও মানসিক আঘাত দিয়াতো অনুচিত। মই সদায় অসমীয়া ভাষাক শ্ৰদ্ধা কৰো। লগতে অসমীয়া শিকিবলৈ লগৰ বন্ধুৰ পৰা শিকি আছো।’

আৰু চাওক
পৰৱৰ্তী বাতৰি