বাল্য বিবাহ ৰোধ কৰাৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো ৰাজ্যৰ চুকে-কোনে গোপনে চলি আছে অপ্ৰাপ্তবয়স্ক ছোৱালীৰ বিয়া। এনে এক ঘটনা সংঘটিত হবলৈ গৈ আছিল হাইলাকান্দি জিলাত। এই ঘটনা অকল বাল্যবিবাহৰ (child marriage) দোষেৰে দোষযুক্ত নহয়, বিবাহ দিবলৈ বলপূৰ্বক হেঁচা প্ৰয়োগৰ দোষেৰেও দোষযুক্ত
হাইলাকান্দি জিলাৰ পৰা পোহৰলৈ অহা এই ঘটনা জিলাখনৰ আলগাপুৰ সমষ্টিৰ চৈয়দবন্দ এলেকাৰ। অভিযোগ মতে, পৰিয়ালৰ লোকে বলপ্ৰয়োগ কৰি এগৰাকী নাবালিকাক বিয়া দিয়াৰ প্ৰয়াস চলাইছিলে (forced pressure to marry)। বিবাহ দিবলৈ আনকি ৰছীৰে ভৰিত বান্ধি ঘৰত আবদ্ধ কৰি ৰাখিছিলে ছোৱালীগৰাকীক।
এই ঘটনাৰ খবৰ পাই হাইলাকান্দি (Hailakandi) জিলা শিশু সুৰক্ষা বিভাগ আৰু চাইল্ড লাইনে এক যুটিয়া অভিযান চলাই উদ্ধাৰ কৰে নাবালিকা কিশোৰীগৰাকীক । বৰ্তমান জিলা শিশু সুৰক্ষা বিভাগৰ জিম্মাত ৰখা হৈছে কিশোৰীগৰাকীক।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|