• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘লাভ ইউ মা, লাভ ইউ দেউতা, ভাইটিক ভালদৰে পঢ়াবা’ – নলবাৰীত টিকটক ভিডিঅ’ বনাই ৰে’লৰ আগত থিয় হৈ নিজকে শেষ কৰিলে কিশোৰীয়ে

‘লাভ ইউ মা, লাভ ইউ দেউতা, ভাইটিক ভালদৰে পঢ়াবা’ – নলবাৰীত টিকটক ভিডিঅ’ বনাই ৰে’লৰ আগত থিয় হৈ নিজকে শেষ কৰিলে কিশোৰীয়ে

কিশোৰীগৰাকীৰ গোৰেশ্বৰৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। সোমবাৰে কিশোৰীগৰাকীৰ ঘৰলৈও আহিছিল যুৱকজন।

কিশোৰীগৰাকীৰ গোৰেশ্বৰৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। সোমবাৰে কিশোৰীগৰাকীৰ ঘৰলৈও আহিছিল যুৱকজন।

কিশোৰীগৰাকীৰ গোৰেশ্বৰৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। সোমবাৰে কিশোৰীগৰাকীৰ ঘৰলৈও আহিছিল যুৱকজন।

  • Share this:
নলবাৰী চাঞ্চল্যকৰ ঘটনা। ৰে’লৰ আগত থিয় হৈ নিজকে শেষ কৰি পেলালে এগৰাকী কিশোৰীয়ে। নলবাৰীৰ বৰকুৰা ৰে’লগে’টত সংঘটিত হৈছে এই ঘটনা। কেইবাটাও টিকটক ভিডিঅ’ বনাই তাৰ পিছতে উজনিমুৱা শ্ৰমিক এক্সপ্ৰেছৰ আগত থিয় হয় কিশোৰীগৰাকী। কিশোৰীগৰাকীৰ ঘৰ নলবাৰীৰ বগলছ ৰোডত।

টিকটক ভিডিঅ’কেইটা প্ৰত্যক্ষ কৰিও প্ৰেমজনিত কাৰণতে কিশোৰীগৰাকীয়ে এই চূড়ান্ত সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে। এটা ভিডিঅ’ত কিশোৰীগৰাকীয়ে কৈছে – ‘মৰিবৰ মন নাই জানা, বুকুখন কঁপি আছে, কিন্তু উপায়ো নাই ন। তাক বহুত ভাল পাইছিলো যে সেইটো কাৰণে...। লাভ ইউ মা, লাভ ইউ দেউতা, তোমালোক ভালকে থাকিবা। ভাইটি আছে, ভাইটিক ভালকে পঢ়াবা। বাই।’

আনটো এটা ভিডিঅ’ত কিশোৰীগৰাকীয়ে কৈছে – ‘মৰিবলৈ ভয় লাগে, বাট উপায়ো নাই, মোৰ মা–দেউতাৰো একো ভুল নাই হা ফ্ৰেণ্ডছ। বহুতকে মিছ কৰিম, বেয়াও লাগিছে। সকলোৱে ভালে–কুশলে থাকক আৰু দেই, বাই, হাঁহিমুখে যাব ওলাইছো।’

আন এটা ভিডিঅ’ত কিশোৰীগৰাকীয়ে উল্লেখ কৰিছে – ‘সবেই কৈ আছে এইবিলাক নকৰিবা নকৰিবা। বাট উপায় নাই অ’। মোৰ লাইফ, মানে মই যাক ভাল পাওঁ সিয়ে গুচি গ’ল, আৰু মই থাকি কি লাভ...। ট্ৰেইন আহিব আৰু, অলপ ৱেইট কৰি আছো। বাই অল ফ্ৰেণ্ডছ, লাভ ইউ অল।’

জানিব পৰা মতে, কিশোৰীগৰাকীৰ গোৰেশ্বৰৰ এজন যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। সোমবাৰে কিশোৰীগৰাকীৰ ঘৰলৈও আহিছিল যুৱকজন। নলবাৰীৰ পৰা উভতি গৈ নিশা আত্মহননৰ পথ বাচি লয় যুৱকজনে। এই খবৰত মৰ্মাহত হৈ এই চৰম পথ বাচি লয় কিশোৰীগৰাকীয়ে।

ঘৰৰ পৰা জেঠীয়েকৰ ঘৰলৈ যাম বুলি আজি পুৱা  ওলাই গৈছিল কিশোৰীগৰাকী। একমাত্ৰ ভাতৃয়েও বায়েকৰ লগত যাবলৈ ওলাইছিল। ভাতৃক জোতা পিন্ধিবলৈ গৈ ওলাই গৈছিল কিশোৰীগৰাকী। তাৰ পিছতে ৰে’ল লাইন বহি প্ৰথমে টিকটক ভিডিঅ’ বনাই নিজকে শেষ কৰি পেলালে কিশোৰীগৰাকীয়ে। নলবাৰী আৰক্ষীয়ে  ইতিমধ্যে  মৃতদেহ মৰণোত্তৰ  পৰীক্ষাৰ  বাবে প্ৰেৰণ  কৰিছে।
First published: