Double Vaccine : বঙাইগাঁৱত একে দিনাই দুপালি ভেকচিন লৈ অসুস্থ ছাত্ৰী ৷
Double Vaccine : বঙাইগাঁৱত একে দিনাই দুপালি ভেকচিন লৈ অসুস্থ ছাত্ৰী ৷
বঙাইগাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰী এগৰাকীক একে দিনাই দুটাকৈ ভেকচিন (Covid19 Vacccine) প্ৰদান কৰাৰ ফলত অসুস্থ হৈ পৰাৰ পিছত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বঙাইগাঁও বিদ্যাপীঠ হাইস্কুলৰ অইন ছাত্ৰ-ছাত্ৰীসকলৰ দৰে দশম শ্ৰেণীৰ ছাত্ৰী ৰুমি সৰকাৰক ক’ভিড ১৯ৰ ভেকচিন প্ৰদান কৰাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ব্যৱস্থা কৰা হয়। সেইমতে ছাত্ৰীগৰাকীয়ে দ্বিতীয় পালি ভেকচিন দিয়াৰ বাবে চিকিৎসালয়ত উপস্থিত হোৱাৰ পিছত অতি কম সময়ৰ ব্যৱধানত দুটাকৈ ভেকচিন (Double Vaccine) প্ৰদান কৰা হয়।
প্ৰথম পালি ভেকচিন লোৱাৰ পিছতে ছাত্ৰীগৰাকীয়ে দ্বিতীয় বাৰ ভেকচিন ল’বলৈ অস্বীকাৰ কৰিছিল যদিও কৰ্তব্যৰত নাৰ্চগৰাকীয়ে কোনো কথা নুশুনি দ্বিতীয়বাৰৰ কাৰণে ভেকচিন দিয়ে ৷ এইদৰে একেদিনাই দুবাৰকৈ ভেকচিন লোৱাৰ ফলত ছাত্ৰীগৰাকী অসুস্থ হৈ পৰে ৷
আনহাতে ছাত্ৰীগৰাকীৰে অনাকাংক্ষিত এই ঘটনা সংঘটিত হোৱাৰ পিছত চিকিৎসা বিভাগৰ ফালৰ পৰা কোনো খবৰ নোলোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ তৰফৰ পৰা ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|