শোণিতপুৰৰ ঠেলামৰাত জঘন্য ধৰ্ষণকাণ্ড, এজন অভিযুক্তক গ্ৰেপ্তাৰ, মূল অভিযুক্ত পলাতক

News18 Assam | News18-Assam
Updated:November 20, 2020, 12:02 PM IST
শোণিতপুৰৰ ঠেলামৰাত জঘন্য ধৰ্ষণকাণ্ড, এজন অভিযুক্তক গ্ৰেপ্তাৰ, মূল অভিযুক্ত পলাতক
মূল অভিযুক্ত হুছেইন আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

মূল অভিযুক্ত হুছেইন আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

  • News18 Assam
  • Last Updated: November 20, 2020, 12:02 PM IST
  • Share this:
শোণিতপুৰৰ জিলাৰ ঠেলামৰাত এক জঘন্য ধৰ্ষণ কাণ্ড পোহৰলৈ আহিছে৷ ঠেলামৰা আৰক্ষী থানা এলেকাৰ  নাহৰবাৰী গাঁৱত এগৰাকী ২০ বছৰীয়া যুৱতীক ধৰ্ষণ। প্ৰলোভনেৰে যুৱতীগৰাকীক ঢেকিয়াজুলিলৈ আনি হুছেইন আলী আৰু নিজাম আলী নামৰ লোক দুজনে ধৰ্ষণ কৰে৷ ইয়াৰ পিছতে ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে ঠেলামৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

আৰক্ষীয়ে যুৱতীগৰাকীক ঢেকিয়াজুলিৰ পৰা উদ্ধাৰ কৰাৰ লগতে যুৱতীগৰাকীক প্ৰলোভনেৰে লৈ অনা নিজাম আলীক গ্ৰেপ্তাৰ কৰে৷ ইপিনে ধৰ্ষণকাণ্ডৰ মূল অভিযুক্ত হুছেইন আলী পলাতক হৈ আছে৷ এই সন্দৰ্ভত ঠেলামৰা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি অভিযুক্ত নিজাম আলীক জে’ল হাজোতলৈ প্ৰেৰণ কৰে৷ ইপিনে মূল অভিযুক্ত হুছেইন আলীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷
Published by: Sanjay Kumar Das
First published: November 20, 2020, 12:02 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading